ৰেলৰ খুন্দাত মৃত্যু বিশেষ ভাবে সক্ষম এগৰাকী ১৬ বছৰৰ কিশোৰ
শ্ৰী ভূমি, ১৯ মে (হি.স.)। ৰেলত খুন্দাত মৃত্যু হৈছে বিশেষ ভাবে সক্ষম এগৰাকী ১৬ বছৰৰ কিশোৰ । কিশোৰজনৰ নাম ইমৰান হুছেইন । ঘৰ কালিগঞ্জৰ ছয়কুট গাঁৱৰ । নিশা প্ৰায় ১ বজাত ঘৰৰ পৰা নিৰুদ্দেশ হয় বিশেষ ভাবে সক্ষম ইমৰান । পৰিয়ালৰ লোকে নিৰুদ্দিষ্ট হোৱাৰ পৰা
ৰেলৰ খুন্দাত মৃত্যু বিশেষ ভাবে সক্ষম এগৰাকী ১৬ বছৰৰ কিশোৰ


শ্ৰী ভূমি, ১৯ মে (হি.স.)। ৰেলত খুন্দাত মৃত্যু হৈছে বিশেষ ভাবে সক্ষম এগৰাকী ১৬ বছৰৰ কিশোৰ । কিশোৰজনৰ নাম ইমৰান হুছেইন । ঘৰ কালিগঞ্জৰ ছয়কুট গাঁৱৰ । নিশা প্ৰায় ১ বজাত ঘৰৰ পৰা নিৰুদ্দেশ হয় বিশেষ ভাবে সক্ষম ইমৰান । পৰিয়ালৰ লোকে নিৰুদ্দিষ্ট হোৱাৰ পৰা বিচাৰিব আৰম্ভ কৰে । পুৱাৰ ভাগত সুপ্ৰাকান্দি ৰেল ষ্টেশ্যনৰ সন্মুখত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয় ।

বিশেষ ভাবে সক্ষম হোৱাৰ বাবে ৰেলখন পিছফালে আহি থকাৰ শব্দ কাণেৰে নুশুনাৰ ফলতে ৰেলে শিশুটিক মহটিয়াই নিয়াৰ সন্দেহ কৰা হৈছে। শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে। ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নিহত শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande