
ৱেষ্ট কামেং, ১৯ মে (হি.স.)। অৰুণাচল প্ৰদেশৰ পৰা এজন নিৰুদ্দেশ। অৰুনাচল প্ৰদেশৰ ওৱেষ্ট কামেং জিলাৰ চিংচুং আৰক্ষী থানাৰ অন্তৰ্গত টেংগু মাৰ্কেটৰ নিবাসী লাল বাহাদুৰ টামাঙ (৬৮) নামৰ লোকজন যোৱা ১৪ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে।
উল্লেখ্য যে উক্ত দিনা কোনো বিশেষ কামৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত পুনৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে উক্ত অঞ্চলত বিচাৰ খোচাৰ কৰাৰ লগতে অসমতো বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও লোকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । লাল বাহাদুৰ তামাঙক বিচাৰি নাপাই অৱশেষত পৰিয়ালৰ লোক স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু