
- মন্দিৰৰ সোণৰ মজুতক মুদ্ৰাকৰণৰ ভুৱা দাবী সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ৰ স্পষ্টীকৰণ
নতুন দিল্লী, ১৯ মে’ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে সমগ্ৰ দেশৰ মন্দিৰ ট্ৰাষ্ট বা কোনো ধৰ্মীয় অনুষ্ঠানৰ হাতত থকা সোণৰ মজুতক মুদ্ৰাকৰণৰ কোনো উদ্দেশ্য নাই। বিত্ত মন্ত্ৰালয়ে এই জল্পনা-কল্পনাক উৰাবাতৰি বুলি অভিহিত কৰি মিছা, বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন বুলি অভিহিত কৰে। মন্ত্ৰালয়ে উল্লেখ কৰে যে একাংশ সংবাদ মাধ্যমৰ বাতৰি আৰু ছ’চিয়েল মিডিয়া পোষ্টত ভাৰত চৰকাৰে মন্দিৰলৈ তেওঁলোকৰ সোণৰ মজুতৰ বিনিময়ত সোণৰ বণ্ড জাৰি কৰাৰ পৰিকল্পনা কৰিছে বা মন্দিৰৰ সোণৰ মজুতক মুদ্ৰাকৰণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে বুলি দাবী কৰা হৈছে।
মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে মন্দিৰৰ শিখৰ, গেট বা অন্যান্য গঠনত খোদিত কৰা সোণক ভাৰতৰ কৌশলগত সোণৰ মজুত বুলি কৰা দাবীও মিছা, বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন। এনেধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈ বা প্ৰচাৰ নকৰিবলৈ নাগৰিকসকলক আহ্বান মন্ত্ৰালয়ে। কাৰণ পৰীক্ষা নকৰা তথ্য প্ৰচাৰ কৰিলে অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু মানুহক বিপথে পৰিচালিত কৰিব পাৰে। ভাৰত চৰকাৰে সকলো নাগৰিককে কেৱল অনুমোদিত উৎসৰ জৰিয়তে প্ৰকাশ কৰা চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে।
বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰিছে যে নীতিগত সিদ্ধান্ত বা চৰকাৰী আঁচনিৰ সৈতে জড়িত যিকোনো তথ্য চৰকাৰী প্ৰেছ বিজ্ঞপ্তি, চৰকাৰী ৱেবছাইট, আৰু পৰীক্ষিত ৰাজহুৱা যোগাযোগ মঞ্চৰ জৰিয়তে ভাগ-বতৰা কৰা হ’ব। সমগ্ৰ দেশৰ মন্দিৰ ট্ৰাষ্ট বা কোনো ধৰ্মীয় অনুষ্ঠানৰ হাতত থকা সোণৰ বাবে কোনো ধৰণৰ মুদ্ৰাকৰণ আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া