
দৰং, ১৯ মে (হি.স.)। ছিপাঝাৰৰ বাজনাপথাৰস্থিত কালি মন্দিৰত চুৰি কাণ্ড।
ঐতিহাসিক মন্দিৰটিৰ বহু মূল্যৱান ডাঙৰ বাচন বৰ্তন চোৰে চুৰি কৰি নিয়ে।
টৌ-পিটলি কাহৰ বাচন আদিৰ লগতে দান পাত্ৰৰ নগদ ধন সকলো উধাও কৰে চোৰে।
নিশা কোনো দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড।
ঘটনাক লৈ গাঁওবাসী মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গভাইত চোৰে এতিয়া মন্দিৰ, নামঘৰ আদিতো চোৰ কৰিবলৈ কুন্ঠাবোধ নকৰা হৈছে। ইফালে স্থানীয় আৰক্ষীৰ সোপাধিলা ৰূপটোৰ বাবেই অঞ্চলটোত এনে চুৰি কাণ্ড সংঘটিত হবলৈ সাহস পাইছে বুলিও স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰে। অতি শীঘ্ৰে চোৰ কৰায়ত্ত কৰি চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিব লাগে বুলিও স্থানীয় ৰাইজে আৰক্ষীক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা