
শিৱসাগৰ, ১৯ মে (হি.স.)। নাজিৰাত সমজোৱা শৰণ পৰ্ব ৷ প্ৰায় ৮০ ৰো অধিক লোকে লৈছে একে লগে শৰণ। নাজিৰা শিমলুগুৰি ৰহদৈ পুখুৰীত সমজোৱা শৰণ লোৱা পৰ্ব। কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ পুৰুষ মহিলাই অংশগ্ৰহণ কৰিছে এই শৰণ লোৱা পৰ্বত।
দ পানীৰ মাজেৰে খোজ কাঢ়ি একত্ৰিত হৈ শাৰী শাৰী কৈ কৰিছে কঠোৰ ব্ৰত ৷
উল্লেখ্য যে নাজিৰাৰ শিমলুগুৰি ৰহদৈ পুখুৰীৰ পাতৰ গাওঁত অনুস্থিত হৈছে এক সমজোৱা শৰণ অনুস্থান। য'ত অংশগ্ৰহণ কৰিছে কেইবাখনো গাঁৱৰ ৰাইজে। মায়ামৰা সম্প্ৰদায়ৰ লোক সকলক শৰণ প্ৰদান কৰিছে যোৰহাটৰ আতাপাম সত্ৰৰ সত্ৰাধিকাৰ বাসুদেবানন্দ গোস্বামীয়ে। প্ৰতিকূল বতৰকো নেওচি পুৰুষ সকলে ৰহদৈ পুখুৰীত লৈছে শৰণ। লগতে মহিলা সকলেও শাৰী শাৰী কৈ গৈছে শৰণ লবলৈ । ১৯৫০ চনৰ পৰাই এনেদৰে শৰণ পৰ্ব চলি আহিছে বুলি জানিব দিয়ে গাঁৱৰ ৰাইজে। পুৰুষ মহিলা সহ ৮০ গৰাকী লোকে লৈছে এই শৰণ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা