'তেৰা ইয়াৰ হু মে'ৰ নতুন মুক্তিৰ তাৰিখ সদৰি
পৰিচালক মিলাপ জাভেৰীৰ আগন্তুক ৰোমাণ্টিক-ড্ৰামা ছবি তেৰা ইয়াৰ হু মেৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। পৰিচালক ইন্দ্ৰ কুমাৰৰ পুত্ৰ অমন ইন্দ্ৰ কুমাৰে ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটাব। তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী আকাংক্ষা শৰ্মাই। প্ৰ
'तेरा यार हूं मैं' - फोटो सोर्स एक्स


পৰিচালক মিলাপ জাভেৰীৰ আগন্তুক ৰোমাণ্টিক-ড্ৰামা ছবি তেৰা ইয়াৰ হু মেৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। পৰিচালক ইন্দ্ৰ কুমাৰৰ পুত্ৰ অমন ইন্দ্ৰ কুমাৰে ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটাব। তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী আকাংক্ষা শৰ্মাই। প্ৰথমতে এই ছবিখন ২০২৬ চনৰ ২২ মে’ত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া প্ৰযোজকসকলে ইয়াৰ নতুন মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

খবৰ অনুসৰি, ২০২৬ চনৰ ৩১ জুলাইত এতিয়া ছবিগৃহত মুক্তি পাব তেৰা ইয়াৰ হু মে। এই স্থগিত ৰখাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও এই সিদ্ধান্তৰ ফলত ২২ মে'ত মুক্তি পাবলগীয়া অনন্যা পাণ্ডে আৰু লক্ষ্য লালৱানীৰ ছবি চান্দ মেৰা দিলৰ লাভ হ'ব বুলি আশা কৰা হৈছে। দুয়োখন ছবিৰ মাজত প্ৰত্যক্ষ প্ৰতিযোগিতা এতিয়া ৰোধ কৰা হৈছে।

প্ৰেম, যন্ত্ৰণা, সংগ্ৰামেৰে ভৰা এক আৱেগিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন। মিলাপ জাভেৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত পৰেশ ৰাৱালেও মূল চৰিত্ৰত অভিনয় কৰিছে। ছবিখনক লৈ দৰ্শকসকলক উৎসুকতা বৃদ্ধি পাইছে, বিশেষকৈ অমন ইন্দ্ৰ কুমাৰ অভিনয়ৰ জগতত নিজকে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande