
কাঠমাণ্ডু, ১৯ মে’ (হি.স.)। নিৰাপদ আৰু শৃংখলাবদ্ধ বিদেশী নিয়োগ নিশ্চিত কৰাৰ বাবে নেপাল চৰকাৰে ১৬খন দেশৰ সৈতে শ্ৰম চুক্তিৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে। যুৱ, শ্ৰম, আৰু নিয়োগ মন্ত্ৰালয়ে এই প্ৰস্তাৱসমূহ এই দেশসমূহলৈ প্ৰেৰণ কৰিছে যদিও কোনো দেশে এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই।
মন্ত্ৰালয়ৰ মুখপাত্ৰ পিতাম্বৰ ঘিমিৰে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে ১৬খন দেশলৈ শ্ৰম চুক্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। অৱশ্যে নেপালৰ এই প্রস্তাৱৰ প্রতি কোনো দেশেই প্রতিক্রিয়া প্রদান কৰা নাই৷ শ্ৰম চুক্তি স্থাপনৰ লক্ষ্যৰে এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়াৰ দেশসমূহলৈ চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে।
ঘিমিৰেৰ মতে, মন্ত্ৰালয়ে ভিয়েটনাম, অষ্ট্ৰেলিয়া, থাইলেণ্ড, আলবেনিয়া, অষ্ট্ৰিয়া, তুৰস্ক, মাল্টা, মালদ্বীপ, ছাৰ্বিয়া, চাইপ্ৰাছ, লাক্সেমবাৰ্গ, ব্ৰুনাই, পোলেণ্ড, বছনিয়া আৰু হাৰ্জেগোভিনা, ক্ৰ’ৱেচিয়া, আৰু বেলজিয়ামলৈ শ্ৰম চুক্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰা এবছৰতকৈও অধিক হ’ল। ইয়াৰে কোনো এখন দেশেই নেপালৰ এই প্রস্তাৱৰ প্রতি কোনো প্রতিক্রিয়া প্রদান কৰা নাই৷
বৰ্তমান নেপালৰ মাত্ৰ ১৩খন দেশৰ সৈতে দ্বিপাক্ষিক শ্ৰম চুক্তি আছে, আনহাতে বিশ্বৰ ১৭০খনতকৈও অধিক দেশত নেপালী শ্ৰমিক নিয়োজিত হৈ আছে। বৃহৎ সংখ্যক নেপালী যুৱকে কৰ্মসংস্থাপনৰ বাবে বিদেশলৈ প্ৰব্ৰজন কৰে য’ত নেপালৰ শ্ৰমিক চুক্তি নাই। ইয়াৰ ফলত অৰ্থনৈতিক প্ৰৱঞ্চনা আৰু শ্ৰমিক শোষণৰ আশংকা বৃদ্ধি পায়। এই বিপদ কমোৱাৰ বাবে চৰকাৰে নতুন দেশৰ সৈতে শ্ৰম চুক্তিৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে। তদুপৰি বিদেশী নিয়োগৰ বাবে বিভিন্ন দেশলৈ প্ৰব্ৰজন কৰা নেপালী নাগৰিকৰ প্ৰায় ৪৮ শতাংশই ব্যক্তিগত শ্ৰমিকৰ অনুমতি লাভ কৰে।
নেপালৰ আইন অনুসৰি নেপাল চৰকাৰে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা দেশৰ চৰকাৰৰ সৈতে সন্ধি বা চুক্তি কৰি চৰকাৰী সংস্থা বা নেপাল চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন সত্তাৰ জৰিয়তে শ্ৰমিক পঠিয়াব পাৰে। এই আইনী বিধানসমূহৰ ভিত্তিত চৰকাৰে নেপালী শ্ৰমিক পঠোৱা দেশসমূহৰ সৈতে দ্বিপাক্ষিক শ্ৰম চুক্তি আৰু বুজাবুজিৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে।
মন্ত্ৰালয়ৰ মুখপাত্ৰ ঘিমিৰে কয় যে, শ্ৰম চুক্তিৰ বাবে প্ৰস্তাৱ দাখিল কৰা দেশসমূহৰ সৈতে আমি নিৰন্তৰ অনুসৰণ কৰি আছো। আমি তেওঁলোকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো। সঁহাৰি নোপোৱাৰ কাৰণ সন্দৰ্ভত এতিয়াও মন্তব্য দিয়া সম্ভৱ নহয়। শ্ৰম চুক্তিত স্বাক্ষৰ কৰাৰ স্পষ্ট উদ্দেশ্যেৰে এই প্ৰস্তাৱ দাখিল কৰা হৈছে।
নেপাল বিদেশী নিয়োগ ব্যৱসায়িক সন্থাৰ সভাপতি ভুবন সিং গুৰুঙে কয় যে শ্ৰমিকৰ আইনী সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে শ্ৰমিক চুক্তি এক গুৰুত্বপূৰ্ণ ভিত্তি। তেওঁৰ মতে, য’ত বৃহৎ সংখ্যক নেপালী শ্ৰমিক প্ৰব্ৰজন কৰে বা প্ৰব্ৰজনৰ সম্ভাৱনা আছে, সেইবোৰ দেশত শ্ৰম চুক্তি অতি গুৰুত্বপূৰ্ণ।
তেওঁ কয়, যদি কোনো নিয়োগকৰ্তা বা কোম্পানীয়ে শ্ৰমিকসকলৰ বিৰুদ্ধে অন্যায় কৰে, তেন্তে দুয়োখন দেশৰ চৰকাৰৰ মাজত সমন্বয়ৰ ফলত সমাধান বিচাৰি উলিওৱাটো সহজ হয়। দ্বিপাক্ষিক চুক্তিয়ে দক্ষ নেপালী শ্ৰমিকসকলক পদ্ধতিগতভাৱে কৰ্মসংস্থাপন প্ৰদান কৰাত সহায় কৰে।
গুৰুঙে লগতে কয় যে শ্ৰমিকসকলক শোষণ, কম মজুৰি, আৰু অসুৰক্ষিত কৰ্ম পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰধান শ্ৰমিক গন্তব্য দেশসমূহৰ সৈতে শ্ৰম চুক্তি কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও বিদেশত সমস্যাৰ সৃষ্টি হ’লে চৰকাৰী সাহায্য আৰু সুবিধা প্ৰদানৰ ক্ষেত্ৰত শ্ৰম চুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া