নেপালত প্ৰৱেশ কৰা ভাৰতীয় নাগৰিককৰ পৰা ৫৭০ গ্ৰাম সোণ আৰু ২০ হাজাৰ মাৰ্কিন ডলাৰ জব্দ, গ্ৰেপ্তাৰ
কাঠমাণ্ডু, ১৯ মে’(হি.স.)। নেপালৰ পূব ঝাপাৰ মেচিনগৰৰ কনকদভিত্ত সীমান্ত অঞ্চলত ৫৭০ গ্ৰাম সোণ, ২০ হাজাৰ মাৰ্কিন ডলাৰ আৰু অন্যান্য বিদেশী মুদ্ৰাসহ এজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰে সশস্ত্ৰ আৰক্ষী বাহিনী আৰু শুল্ক কাৰ্যালয়ৰ যৌথ দলে। সশস্ত্ৰ আৰক্ষী বাহ
नेपाल में भारतीय नागरिक के पास से बरामद सोना और डॉलर


কাঠমাণ্ডু, ১৯ মে’(হি.স.)। নেপালৰ পূব ঝাপাৰ মেচিনগৰৰ কনকদভিত্ত সীমান্ত অঞ্চলত ৫৭০ গ্ৰাম সোণ, ২০ হাজাৰ মাৰ্কিন ডলাৰ আৰু অন্যান্য বিদেশী মুদ্ৰাসহ এজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰে সশস্ত্ৰ আৰক্ষী বাহিনী আৰু শুল্ক কাৰ্যালয়ৰ যৌথ দলে।

সশস্ত্ৰ আৰক্ষী বাহিনী নেপালৰ তথ্য অনুসৰি, মঙলবাৰে পুৱা চিটি ছাফাৰী বাহনেৰে নেপালত প্ৰৱেশ কৰা ভাৰতীয় নাগৰিক পৰম পাঠক নামৰ ৩৯ বছৰীয়া পৰম পাঠকক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মঙলবাৰে পুৱা তালাচীৰ সময়ত গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ৫৭০ গ্ৰাম সোণ, ২০ হাজাৰ মাৰ্কিন ডলাৰ, ৮৫,৪১০ ভাৰতীয় টকা কঢ়িয়াই লৈ ফুৰিছিল । লগতে উদ্ধাৰ হৈছে এখন ভাৰতীয় আধাৰ কাৰ্ড, দুটা মোবাইল ফোন, এটা হাৰ্ড ডিস্ক, এখন বেংক চেক, আৰু ৭ খন চিম কাৰ্ড।

সশস্ত্ৰ আৰক্ষীৰ মুখপাত্ৰ তথা সশস্ত্ৰ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক বিষ্ণুপ্ৰসাদ ভাটে জানিবলৈ দিয়া মতে, ধৃত পাঠকক উদ্ধাৰ হোৱা সামগ্ৰীৰ সৈতে কনকদভিত্তাৰ মেচি শুল্ক কাৰ্যালয়ত গতাই দিয়া হৈছে। বৰ্তমান তেওঁৰ নেপালত প্ৰৱেশৰ উদ্দেশ্য নিৰ্ণয়ৰ বাবে তদন্ত চলি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande