

নগাঁও, ১৯ মে (হি.স.)। নগাঁৱত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। কলং নৈত জাঁপ দি চৰম পন্থা বাচি লয় এগৰাকী কিশোৰীয়ে। নগাঁৱৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মান শ্ৰেণীত অধ্যয়নৰত আছিল মৃত কিশোৰী গৰাকী।
মৃত ছাত্ৰী গৰাকীৰ খুশি ঘোষ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ঘৰুৱা অশান্তিৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ সন্দেহ। নগাঁৱৰ এএছটিচি দলঙৰ পৰা কলং নৈত জাঁপ দি আত্মহত্যাৰ পথ বাচি লয়। মৃত কিশোৰী গৰাকীৰ ঘৰ নগাঁৱৰ সমীপৱৰ্তী লাওগাঁৱত বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু পৰিয়ালৰ লোক উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এই ঘটনাই সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar