ব্যক্তিগত জীৱনৰ অস্থিৰতাৰ মাজতে কানত উপস্থিত মৌনি ৰয়
ব্যক্তিগত জীৱনৰ বাবে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰী মৌনি ৰয়ে। শেহতীয়াকৈ ব্যৱসায়ী স্বামী ছুৰাজ নাম্বিয়াৰৰ পৰা বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। ইফালে, ২০২৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ আচৰিত উপস্থিতিৰে এতিয়া মৌনীয়ে দৃষ্টি আকৰ্ষণ কৰি
मौनी रॉय - फोटो सोर्स एक्स


ব্যক্তিগত জীৱনৰ বাবে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰী মৌনি ৰয়ে। শেহতীয়াকৈ ব্যৱসায়ী স্বামী ছুৰাজ নাম্বিয়াৰৰ পৰা বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। ইফালে, ২০২৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ আচৰিত উপস্থিতিৰে এতিয়া মৌনীয়ে দৃষ্টি আকৰ্ষণ কৰিছে।

কানৰ পৰা তেওঁৰ গ্লেমাৰাছ ফটোসমূহ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, অনুৰাগীৰ অহৰহ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মৌনীয়ে তেওঁৰ আগন্তুক ছবি বম্বে ষ্ট'ৰীজ প্ৰদৰ্শনৰ বাবে প্ৰতিষ্ঠিত মাৰ্চে ডু ফিল্মত অংশগ্ৰহণ কৰিছিল। কানৰ ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, কান এণ্ড কেঅ'ছ! বনজোৰ। ফটোবোৰত মৌনিক ক’লা কলাৰযুক্ত মিনি ড্ৰেছ, ষ্টকিংছ, আৰু অভাৰছাইজ কোট পিন্ধি অত্যন্ত ষ্টাইলিছ দেখা গৈছে। অনুৰাগীয়ে তাইৰ ফেশ্বন লুকটো ভাল পাইছে। কানলৈ যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰতো তেওঁক দেখা গৈছিল, য’ত তেওঁ পাপাৰাজীক এৰাই পোনে পোনে ফ্ৰান্সলৈ ৰাওনা হৈছিল।

মৌনিৰ ব্যক্তিগত জীৱন বৰ্তমান তেওঁৰ কৰ্মক্ষেত্ৰতকৈ বেছি বাতৰিৰ শিৰোনাম। ২০২২ চনত মৌনি আৰু ছুৰাজ নাম্বিয়াৰে গোৱাত বিবাহপাশত আবদ্ধ হৈছিল যদিও এতিয়া পাৰস্পৰিকভাৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। ছচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বিচ্ছেদৰ কথা ঘোষণা কৰে। অৱশ্যে সূৰাজৰ সৈতে বন্ধুত্ব বজাই ৰাখিব বুলি স্পষ্ট কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে। তেওঁলোকৰ বিচ্ছেদৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande