কাঠমাণ্ডুৰ পৰা দিল্লীলৈ যোৱা নেপালী নাগৰিকৰ ৩৭টা পাছপ’ৰ্টসহ গ্ৰেপ্তাৰ
কাঠমাণ্ডু, ১৯ মে’ (হি.স.)। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে পুৱা ৩৭টা পাছপ’ৰ্টসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী অধীক্ষক ৰাজকুমাৰ ছিলৱালে জনোৱা মতে, আজি পুৱা ১১:৪৫ বজাত নেপাল এয়াৰলাইন্সৰ বিমানেৰে দিল্লীলৈ উৰা মাৰিবলৈ সাজু হৈ থকাৰ স
काठमांडू एयरपोर्ट से बरामद पासपोर्ट


কাঠমাণ্ডু, ১৯ মে’ (হি.স.)। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে পুৱা ৩৭টা পাছপ’ৰ্টসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষী অধীক্ষক ৰাজকুমাৰ ছিলৱালে জনোৱা মতে, আজি পুৱা ১১:৪৫ বজাত নেপাল এয়াৰলাইন্সৰ বিমানেৰে দিল্লীলৈ উৰা মাৰিবলৈ সাজু হৈ থকাৰ সময়তে ছিৰাহাৰ ধনাধিমাই পৌৰসভাৰ বাসিন্দা অজিত শ্ৰেষ্ঠক বিমানবন্দৰৰ নিৰাপত্তা কাৰ্যালয়ৰ দলে আটক কৰি ৰাখিছে। কোনো চৰকাৰী অনুমতি বা নথি-পত্ৰ অবিহনে ৰোমানিয়াৰ ভিছা লোৱাৰ আঁৰত তেওঁ ভাৰতলৈ ৩৭ খন পাছপ’ৰ্ট লৈ গৈছিল। তেওঁক অধিক তদন্তৰ বাবে টেকুৰ কাঠমাণ্ডু অপৰাধ তদন্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande