
ধুবুৰী, ১৯ মে’ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটত যোৱা কালি সোমবাৰে বিয়লি উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। তামাৰহাটত উপস্থিত হৈ কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য কৰে সাংসদগৰাকীয়ে । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে চৰ চাপৰিৰ মুছলমান আৰু অসমীয়া ভাষাক লৈ কৰা মন্তব্যৰ ওপৰত সাংসদ ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি কয়– অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে যি কথা কৈছে সেয়া একেবাৰে বাস্তৱ কথা, সেই কথাষাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট, এই কথাষাৰ কোনোবাই ঢাকি ৰাখিবলৈ খুজিলে সেয়া ভূল, গতিকে এই সমূহ কথা বাদ দি সকলোৱে মিলিজুলি থাকিব লাগে আৰু অসমীয়া ভাষাৰ সমান্তৰালকৈ আন আন ভাষা সমূহকো সন্মান কৰিব লাগে।
ইফালে বিধায়ক দিগন্ত কলিতাই মছজিদৰ লাউড স্পীকাৰৰে আজান দিয়া সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয়– অসমত এটা প্ৰতিযোগিতা চলিছে , যিয়ে যিমান বেয়া কথা ক'ব পাৰে সিয়ে সিমান প্ৰতিষ্ঠিত হ'ব, গতিকে মই এই বিতৰ্কৰ মাজত সোমাব বিচৰা নাই, আমি সকলোৱে মিলিজুলি থাকিব বিচাৰিছোঁ, কিছুমান সমাজখন প্ৰদূষিত কৰে, আন কিছুমানৰ মতে তেওঁলোকৰ নম্বৰ বাঢ়ে। আনহাতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ আশু আৰোগ্য কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। তামাৰহাটত সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাঙ্গণত শৌচালয় নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ আবন্টন দিয়ে। তাৰে আধাৰশিলা স্থাপন কৰিবলৈ তামাৰহাটত উপস্থিত হয় সাংসদ গৰাকী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ