
–ধুমুহাত বিধস্ত বহু পৰিয়াল
কোকৰাঝাৰ, ১৯ মে’ (হি.স.): ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে । দেওবাৰে সন্ধিয়া অহা এজাক ধুমুহাই তচ নচ কৰি থৈ গল বহু অঞ্চল। ধুমুহাত বহু পৰিয়ালে সৰ্বস্ব হেৰুৱায়। হঠাৎ অহা জেঠ মাহৰ কাল ধুমুহাই গছ গছনি ভাঙি নিয়াৰ উপৰি ঘৰ দুৱাৰ ভাঙি নিয়ে। ধুমুহাত বিদ্যুতৰ খুঁটা, তাঁৰ ভাঙি ছিঙি বিধস্ত কৰে। ধুমুহাত ক্ষতি গ্ৰস্ত অঞ্চল সমূহ যোৱা কালি সোমবাৰে বিয়লি পৰিদৰ্শন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।
বিধায়ক ৰবিৰাম নাৰ্জাৰী গোসাঁইগাঁৱৰ কচুগাঁও অঞ্চল পৰিদৰ্শন কৰি বুজ লয় । আনহাতে ধুমুহাত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হয় এজন যুৱ ব্য়ৱসায়ী । এক নম্বৰ চেকাদানী গাঁৱৰ গুণেশ্বৰ নাৰ্জাৰী নামৰ যুৱক জনে বেংকৰ পৰা দুই লাখ টকা ঋণ লৈ প্ৰায় ৪ লাখ টকা খৰচ কৰি ব্ৰয়লাৰ ফাৰ্ম আৰম্ভ কৰিছিল । প্ৰায় দুহেজাৰ ব্ৰয়লাৰ কুকুৰা থকা ফাৰ্মখন সন্ধিয়া অহা ধুমুহাই উৰুৱাই নিয়াৰ লগতে ক্ষতি সাধন কৰে। ধুমুহাত সকলো ব্ৰয়লাৰ কুকুৰাৰ মৃত্যু হোৱাৰ উপৰি অন্যান্য সামগ্ৰী ক্ষতি সাধন হয়। লোকজনৰ প্ৰায় ৪ লাখ টকা লোকচান হয়। ধুমুহাত ক্ষতি গ্ৰস্ত লোকজন মূৰে কঁপালে হাত দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ