লেবাননত ইজৰাইলৰ আক্ৰমণ অব্যাহত, ২ মাৰ্চৰ পৰা এতিয়ালৈকে ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু
বেইৰুট (লেবানন), ১৯ মে’ (হি.স.)। ইজৰাইল আৰু লেবাননৰ মাজত আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি হৈছে যদিও এতিয়াও কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই। লেবাননত সক্ৰিয় ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত যুদ্ধ অবিৰত হৈ আছে। সোমবাৰে দক্ষি
7ac7d4d2d583bca9fc14f8d06db8fb52_2003495550.jpg


বেইৰুট (লেবানন), ১৯ মে’ (হি.স.)। ইজৰাইল আৰু লেবাননৰ মাজত আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি হৈছে যদিও এতিয়াও কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই। লেবাননত সক্ৰিয় ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত যুদ্ধ অবিৰত হৈ আছে। সোমবাৰে দক্ষিণ লেবাননত সংঘটিত আক্ৰমণত কমেও ৭ জন লোক নিহত হয়। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে লেবাননত ইজৰাইলৰ আক্ৰমণত ২ মাৰ্চৰ পৰা ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

আল জাজিৰাৰ তথ্য অনুসৰি মন্ত্ৰালয়ে কয় যে, ২ মাৰ্চৰ পৰা ১৮ মে'লৈ এই আগ্ৰাসনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,০২০ লৈ বৃদ্ধি পাইছে। এই আক্ৰমণত ৯,২৭৩ জন লোক আহত হৈছে। নিহতসকলৰ ভিতৰত ১৮ বছৰ বা তাৰ তলৰ ২১১ জন লোক আৰু ১১৬ জন স্বাস্থ্যকৰ্মী। হিজবুল্লাই দক্ষিণৰ গাঁওবোৰ হোৱা আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ দি ৰাছাফত ইজৰাইলৰ সৈন্যৰ ওপৰত ড্ৰ'ন আক্ৰমণ চলোৱা বুলি কয়।

ভুক্তভোগীৰ পৰিয়ালে কয় যে ইজৰাইল আৰু লেবাননে নামমাত্ৰ যুদ্ধবিৰতিহে বজাই ৰাখিছে। ১৬ এপ্ৰিলত দুয়োখন দেশে প্ৰথমে ১০ দিনৰ যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হৈছিল যদিও সেয়া অকাৰ্যকৰী বুলি প্ৰমাণিত হৈছিল। আক্ৰমণ বন্ধ নহ’ল। দহ দিনৰ পাছত তিনি সপ্তাহৰ বাবে যুদ্ধবিৰতি বৃদ্ধি কৰা হয় যদিও আক্ৰমণ অব্যাহত থাকে। ১৫ মে’ত পুনৰ ৪৫ দিনৰ যুদ্ধবিৰতিৰ বাবে দুয়োখন দেশৰ মাজত সহমতত উপনীত হয় যদিও আক্ৰমণ অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande