
নলবাৰী, ১৯ মে’ (হি.স.): সম্প্ৰতি বজাৰত উভৈনদি হৈ পৰিছে বতৰৰ ফল লেচু । একেদৰে নলবাৰী জিলাৰ মুকালমুৱা কালদিত লাগিছে থোপা থোপে লেচু । শতাধিক গছত লাগি আছে লেচু । জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ কালদি ফাৰ্মত ১২০ বিঘা ভুমিত থকা লেচু গছসমূহতো থোপা–থোপে লাগিছে লেচু । বছৰত ১ লাখৰ পৰা ২ লাখলৈ উৎপাদন হয় লেচু।বৰপেটা গুৱাহাটী নলবাৰীৰ পৰা লেচু ক্ৰয় কৰিব আহে গ্ৰাহক সকলে ।
অৱশ্য়ে পুৰ্বতকৈ হ্ৰাস পাইছে লেচু উৎপাদন । বহুত পুৰণি গছহোৱা হেতুকে উৎপাদন হ্ৰাস হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজৰ লগতে ব্যৱসায়ী সকলে । চৰকাৰক ১২০ বিঘা ভূমিত নতুন গছ ৰোপন কৰাৰ লগতে পৰ্যটনক্ষেত্ৰ হিচাপে উন্নীত কৰাৰ আহ্বান জনাইছে স্থানীয় লোকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ