
নগাঁও, ১৯ মে (হি.স.)। কলিয়াবৰত বন্য়হস্তীৰ মৃত্য়ু্। কলিয়াবৰৰ ২নং লেংটেং বস্তিত মৃত্যু হৈছে বনৰীয়া হাতীটোৰ। এই ঘটনা সন্দৰ্ভত বন বিভাগে চৰজমীন তদন্ত অব্যাহত ৰাখিছে।
ইতিমধ্যে বনবিভাগে আৰক্ষীৰ সহযোগত স্থানীয় এজন লোকক আটক কৰিছে। ধৃত লোকজনৰ নাম চাত্তাৰ উদ্দিন বুলি জানিব পৰা গৈছে। লোকজনে চৌহদত বৈদ্যুতিক তাঁৰ লগোৱাৰ ফলত হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ প্ৰমাণ লাভ কৰিছে বন বিভাগে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা