ভাৰতৰ বাবে অপাচি হেলিকপ্টাৰ সমৰ্থন চুক্তিত অনুমোদন আমেৰিকাৰ
নতুন দিল্লী, ১৯ মে’ (হি.স.)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগে ভাৰতলৈ অপাচে হেলিকপ্টাৰ, সহায়ক সেৱা আৰু আনুষংগিক সঁজুলিৰ সম্ভাৱ্য বিদেশী সামৰিক বিক্ৰী (এফ. এম. এছ.) অনুমোদন জনাইছে। ইয়াৰ বাবে ১৯৮.২ মিলিয়ন আমেৰিকান ডলাৰ ব্যয় হ''ব বুলি অনুমান কৰ
ভাৰতৰ বাবে অপাচি হেলিকপ্টাৰ সমৰ্থন চুক্তিত অনুমোদন আমেৰিকাৰ


নতুন দিল্লী, ১৯ মে’ (হি.স.)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগে ভাৰতলৈ অপাচে হেলিকপ্টাৰ, সহায়ক সেৱা আৰু আনুষংগিক সঁজুলিৰ সম্ভাৱ্য বিদেশী সামৰিক বিক্ৰী (এফ. এম. এছ.) অনুমোদন জনাইছে। ইয়াৰ বাবে ১৯৮.২ মিলিয়ন আমেৰিকান ডলাৰ ব্যয় হ'ব বুলি অনুমান কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগৰ ৰাজনৈতিক-সামৰিক পৰিক্ৰমা ব্যুৰোৰ দ্বাৰা জাৰি কৰা জাননী অনুসৰি, ভাৰত চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ এ. এইচ-৬৪ই অপাচে হেলিকপ্টাৰ, অভিযান্ত্ৰিক, কাৰিকৰী আৰু লজিষ্টিক সমৰ্থন সেৱা আৰু ঠিকাদার, কাৰিকৰী তথ্য আৰু প্ৰকাশন, কৰ্মচাৰী প্ৰশিক্ষণ, আৰু অন্যান্য সম্পৰ্কিত লজিষ্টিক আৰু প্ৰগ্ৰাম সমৰ্থন সেৱাৰ বাবে ৰক্ষণাবেক্ষণ আৰু কাৰ্য্যকৰী সমৰ্থন সেৱা ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰস্তাৱিত বিক্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাত সহায় কৰিব আৰু প্ৰধান প্ৰতিৰক্ষা অংশীদাৰৰ নিৰাপত্তা ক্ষমতা বৃদ্ধি কৰিব। বিবৃতিটোত কোৱা হৈছে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ এছিয়া অঞ্চলত ৰাজনৈতিক সুস্থিৰতা, শান্তি আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবে ভাৰত এক গুৰুত্বপূৰ্ণ শক্তি হৈ আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগৰ মতে, প্ৰস্তাৱিত চুক্তিয়ে বৰ্তমান আৰু ভৱিষ্যতৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাবলৈ ভাৰতৰ ক্ষমতাক শক্তিশালী কৰিব, ইয়াৰ ঘৰুৱা নিৰাপত্তা উন্নত কৰিব, আৰু আঞ্চলিক ভাবুকিৰ বিৰুদ্ধে প্ৰতিৰোধ বৃদ্ধি কৰিব। এই সঁজুলিসমূহ আৰু সেৱাসমূহ সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰাত ভাৰতৰ কোনো অসুবিধা নহ ব।

বিবৃতিটোত লগতে কোৱা হৈছে যে এই সঁজুলিৰ প্ৰস্তাৱিত বিক্ৰী আৰু সমৰ্থনে অঞ্চলটোত বৰ্তমানৰ সামৰিক ভাৰসাম্য প্ৰভাৱিত নকৰে।

এই চুক্তিৰ মুখ্য ঠিকাদার হ ব বোয়িং আৰু লকহিড মাৰ্টিন। বোয়িংৰ মুখ্য কাৰ্যালয় ভাৰ্জিনিয়াৰ আৰ্লিংটনত আছে আৰু লকহিড মাৰ্টিনৰ মুখ্য কাৰ্যালয় ফ্ল ৰিডাৰ অৰলেণ্ডোত আছে। এই প্ৰস্তাৱিত বিক্ৰীৰ ফলত আমেৰিকাৰ প্ৰতিৰক্ষা প্ৰস্তুতিৰ ওপৰত কোনো প্ৰতিকূল প্ৰভাৱ নপৰিব।

--------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande