
গুৱাহাটী, ১৯ মে’(হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে গুৱাহাটীক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে। মঙলবাৰে গুৱাহাটীৰ এখন হোটেলত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এইদৰে কয় সোণোৱালে।
তেওঁ কয় যে কোচি জল মেট্ৰ’ৰ লাইনত গঢ়ি তোলা এই পৰিৱেশ অনুকূল জল পৰিবহণ ব্যৱস্থাই নগৰীয়া যাতায়ত লাঘৱ কৰাৰ লগতে যান-জঁটৰ সমস্যা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গুৱাহাটীৰ উপৰিও শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা, আৰু প্ৰয়াগৰাজকো এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ তেজপুৰ আৰু ডিব্ৰুগড় দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰস্তাৱ।
শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি-২০২৬ৰ খচৰা প্ৰকাশ কৰিছে, যাৰ লক্ষ্য হৈছে জল মেট্ৰ’ প্ৰকল্পৰ বাবে জাহাজৰ ডিজাইন, চাৰ্জিং সুবিধা, আৰু সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত একাকাৰীতা অনা। এই নীতিত পৰিৱেশ সুৰক্ষাৰ প্ৰসাৰৰ বাবে বৈদ্যুতিক আৰু হাইব্ৰিড ফেৰী সেৱাক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।
ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই কোচি মেট্ৰ’ ৰে’ল লিমিটেডক সমগ্ৰ দেশৰ ১৮টা স্থানত সম্ভাৱনীয়তা অধ্যয়নৰ দায়িত্ব দিছিল। গুৱাহাটীৰ সম্ভাৱনীয়তা প্ৰতিবেদন পুনৰীক্ষণ কৰি অনুমোদন জনোৱা হৈছে।
চৰকাৰে বিশ্বাস কৰে যে এই প্ৰকল্পটো পৰম্পৰাগত মেট্ৰ’ ৰে’ল ব্যৱস্থাতকৈ অধিক খৰচী হ’ব, কিয়নো ইয়াত বৰ্তমানৰ নৌ চলাচলযোগ্য জলপথ ব্যৱহাৰ কৰা হ’ব আৰু ইয়াৰ বাবে তুলনামূলকভাৱে কম আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব। এই প্ৰকল্পই গুৱাহাটীৰ নগৰ সংযোগক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ