শ্ৰীৰামপুৰত গাঞ্জাসহ এজনক আটক
কোকৰাঝাৰ, ১৯ মে (হি.স.)। শ্ৰীৰামপুৰত গাঞ্জাসহ এজন লোকক আটক কৰে আৰক্ষীয়ে। ৰাজ্যত নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে । ঠায়ে ঠায়ে জব্দ হৈছে এই নিষিদ্ধ গাঞ্জা । অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আজি গাঞ্জা সহ বি আৰ ১৯ জি এ ৮৮০১ নম্বৰৰ
শ্ৰীৰামপুৰত গাঞ্জাসহ এজনক আটক


কোকৰাঝাৰ, ১৯ মে (হি.স.)। শ্ৰীৰামপুৰত গাঞ্জাসহ এজন লোকক আটক

কৰে আৰক্ষীয়ে।

ৰাজ্যত নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে । ঠায়ে ঠায়ে জব্দ হৈছে এই নিষিদ্ধ গাঞ্জা ।

অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আজি গাঞ্জা সহ বি আৰ ১৯ জি এ ৮৮০১ নম্বৰৰ এখন বলেৰো পিক জব্দ কৰাৰ লগতে সৰবৰাহকাৰী তথা চালকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীৰ হাতত আটক হোৱা চালকজন হৈছে ঝাৰখন্ডৰ সাহেগঞ্জ জিলাৰ ছটি কোদাৰ জানা গাঁৱৰ মোহাম্মদ ছাইম ৷জব্দকৃত গাঞ্জা গুৱাহাটীৰ পৰা বিহাৰৰ ভাগলপুৰলৈ ১৫ টা পেকেটত নিবলৈ ওলাইছিল৷ আৰক্ষীয়ে জব্দকৃত গাঞ্জাৰ বজাৰ মূল্য ২০ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande