
গোৱালপাৰা, ১৯ মে (হি.স.)। এখন ফলকে চৰ্চাৰ বিষয় হৈ পৰিছে গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰ। ফলক খনত লিখা আছে সনাতন হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে মন্দিৰৰ চৌহদত অন্য ব্যক্তিৰ প্ৰৱেশ নিষেধ।
সনাতন হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মীলনভূমি উত্তৰ পূবৰ ইলোৰা তথা দ্বিতীয় কাশী ধামত মন্দিৰৰ চৌহদত অন্য ব্যক্তিৰ প্ৰৱেশ নিষেধ।
'শ্ৰীসূৰ্য পাহাৰলৈ পিকনিক খাবলৈ অহাৰ নামত গো-মাংস আনে' কিছু বছৰ আগতে বনভোজ খাবলৈ অহাত এই ঘটনা সংঘটিত হৈছীল
'শ্ৰীসূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট হ'ব নিদিওঁ, কঠোৰৰপৰা কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম' সূৰ্য পাহাৰ সমিতি
কিছুমান লোকে আহি সূৰ্য্য পাহাৰৰ শিৱ লিংগত ভৰি দি ফটো উঠি সামাজিক মাধ্যমত দিয়ে আৰু বহু অনৈতিক কাৰ্যকলাপ কৰে। যিহেতু সূৰ্য পাহাৰত 99999 শিৱ লিংগ আছে
কিছুমানে ইচ্ছাকৃত ভাবে আৰু কিছুমানে অনিচ্ছা সত্ত্বেও মন্দিৰত প্ৰৱেশ। কিছুদিন আগত হুনুমান মন্দিৰত মুছলিম লোক প্ৰবেশ কৰাত পুনৰ মন্দিৰ স্থাপন কৰিব লগা হৈছিল। সেই বাবে মন্দিৰৰ চৌহদৰ বাহিৰত ফলক লগাব লগা হৈছে মন্দিৰ পৰিচালনা সমিতিয়ে।
গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত সনাতন হিন্দু ভক্তৰ বাহিৰে অন্যান্য ধৰ্মীৱলম্বী লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
সূৰ্য পাহাৰ পৰিচালনা সমিতিয়ে প্ৰৱেশ নিষিদ্ধ কৰিছে অন্য ধৰ্মাৱলম্বী লোকক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা