বিদেশী চিগাৰেটৰ পিছত শ্ৰীৰামপুৰত পুনৰ গাঞ্জা জব্দ
চালকক গ্ৰেপ্তাৰ ।
বিদেশী চিগাৰেটৰ পিছত শ্ৰীৰামপুৰত পুনৰ গাঞ্জা জব্দ


কোকৰাঝাৰ , ১৯ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত গাঞ্জা জব্দ আৰক্ষীৰ। কালি নিশা শিমুলটাপু আৰক্ষীয়ে এখন বাহনৰ পৰা বিদেশী চিগাৰেট জব্দ কৰাৰ পাছত আজি পুৱা একেখন ঠাইত অৰ্থাৎ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শ্ৰীৰামপুৰত থকা আৰক্ষীৰ নাকাত এখন বলেৰ' গাড়ীত ভৰ্তি কৰি অনা বন্ধা কবিৰ তলত লুকুৱাই অনা গাঞ্জা উদ্ধাৰ কৰাৰ লগতে চালকজনক আটক কৰে।

বলেৰ' বাহনখনত বন্ধা কবি বোজাই কৰি পশ্চিমবংগৰ দিশে গৈ থকা সময়ত শ্ৰীৰামপুৰত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষীৰ সহযোগত বি আৰ ১৯ জি এ ৮৮০১ নম্বৰৰ বলেৰ' বাহনখন ৰখাই তালাচী চলোৱাত বন্ধা কবিৰ তলত থকা গাঞ্জা উদ্ধাৰ হয়। সন্দেহৰ ভিত্তিত বলেৰ' গাড়ীখন ৰখাই তালাচী চলোৱাত ১৫ টা পেকেটত ১৪৭ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰি মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰাৰ উপস্থিতিত গাঞ্জা সমূহ জব্দ কৰা হয় আৰু ধৃত চালক জনক জেললৈ পঠোৱা হয়। চালক জন হৈছে ঝাৰখণ্ডৰ চাহেবগঞ্জৰ বাসিন্দা মহম্মদ শাঈম।জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৩০ লক্ষাধিক টকা হব বুলি আৰক্ষীৰ অনুমান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande