
গুৱাহাটী,১৯ মে’ (হি.স.)। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী-ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড (আই অ’ চি এল), ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (বি পি চি এল) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেডে (এইচ পি চি এল) তেল আৰু গেছ খণ্ডত প্ৰভাৱ পেলোৱা বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও সমগ্ৰ অসমত পেট্ৰ’ল(এম এছ), ডিজেল (এইচ এছ ডি) আৰু তৰলীকৃত পেট্ৰ’লিয়াম গেছ (এল পি জি)-ৰ নিৰবিচ্ছিন্ন যোগান অব্যাহত ৰাখিছে।
তেল উদ্যোগটো টাৰ্মিনেল, ডিপো, এলপিজি বটলিং প্ৰকল্প আৰু খুচুৰা দোকানসমূহক লৈ গঠিত ইয়াৰ বিস্তৃত যোগান নেটৱৰ্কৰ জৰিয়তে ইন্ধনৰ নিৰবিচ্ছিন্ন উপলভ্যতা নিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে। সকলো দোকানত ইন্ধন বিতৰণৰ কাম-কাজ সুচাৰুৰূপে চলি আছে আৰু নিৰ্ধাৰিত সুৰক্ষা তথা কাৰ্য্যকৰী নিয়ম অনুসৰি কোনো বাধা-নিষেধ অবিহনে যোগান ধৰি থকা হৈছে।
সমগ্ৰ যোগান শৃংখলাত পেট্ৰ’লিয়াম সামগ্ৰী পৰ্যাপ্ত মজুত আছে আৰু প্ৰকৃত গ্ৰাহকৰ চাহিদা কাৰ্য্যকৰীভাৱে পূৰণ কৰিবলৈ নিৰন্তৰভাৱে পুনৰ মজুত কৰা হৈছে। ঘৰুৱা গ্ৰাহকসকললৈ এলপিজিৰ যোগানো স্বাভাৱিকভাৱে বজাই ৰখা হৈছে আৰু সমগ্ৰ ৰাজ্যখনত ডেলিভাৰীবোৰ সুচাৰুৰূপে চলি আছে।
ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে নাগৰিকসকলৰ বাবে নিৰবিচ্ছিন্ন শক্তিৰ উপলভ্যতা নিশ্চিত কৰিবলৈ সামগ্ৰী আৰু পৰিবহন, ষ্টক অৱস্থান আৰু বিতৰণ পৰিকল্পনাৰ ওপৰত ঘনিষ্ঠভাৱে সমন্বয় কৰি আছে। সামগ্ৰিক যোগান পৰিস্থিতি স্থিৰ হৈ আছে আৰু নিৰন্তৰ নিৰীক্ষণত আছে।
নাগৰিকসকলক স্বাভাৱিক ক্ৰয় আচৰণ অব্যাহত ৰাখিবলৈ আৰু অপ্ৰয়োজনীয় আতংক ক্ৰয় পৰিহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। জনসাধাৰণক কেৱল ইন্ধনৰ উপলভ্যতা সম্পৰ্কীয় প্ৰামাণিক আৰু প্ৰমাণিত তথ্যৰ বাবে তেল বিপণন কোম্পানীসমূহে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী