নীট-ইউজি পুনৰ পৰীক্ষাৰ বাবে কঠোৰ সুৰক্ষা ব্যৱস্থাৰ নিৰ্দেশনা
নতুন দিল্লী, ১৯ মে’ (এইচ এছ)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত মঙলবাৰে নীট-ইউজি (NEET-UG) পুনৰ পৰীক্ষাৰ প্ৰস্তুতি পুনৰীক্ষণৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত পৰীক্ষা সম্পূৰ্ণ স্বচ্ছতা, নিৰাপত্তা, আৰু ন্যায়পৰায়ণতাৰে অনুষ্ঠিত কৰিবলৈ নিৰ
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान मंगलवार को आगामी नीट (यूजी) पुनर्परीक्षा की तैयारियों की समीक्षा के लिए उच्च स्तरीय बैठक की अध्यक्षता करते हुए


নতুন দিল্লী, ১৯ মে’ (এইচ এছ)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত মঙলবাৰে নীট-ইউজি (NEET-UG) পুনৰ পৰীক্ষাৰ প্ৰস্তুতি পুনৰীক্ষণৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত পৰীক্ষা সম্পূৰ্ণ স্বচ্ছতা, নিৰাপত্তা, আৰু ন্যায়পৰায়ণতাৰে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বৰ পৰীক্ষা প্ৰক্ৰিয়াত যিবোৰ অভাৱ চিনাক্ত হৈছিল সেইবোৰ সম্পূৰ্ণৰূপে সমাধান কৰি ত্ৰুটিহীন আৰু নিৰ্ভৰযোগ্য পুনৰ পৰীক্ষা নিশ্চিত কৰিব লাগিব। তেওঁ বিষয়াসকলক কঠোৰ নিৰাপত্তা প্ৰট’কলৰ অধীনত নিৰাপদে, মসৃণভাৱে আৰু ফুলপ্ৰুফভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

পৰীক্ষা কেন্দ্ৰসমূহৰ নিৰীক্ষণ শক্তিশালী কৰাৰ লগতে সকলো ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ সৈতে সমন্বয় বৈঠক অনুষ্ঠিত কৰিবলৈও প্ৰধানে ৰাজ্যসমূহক নিৰ্দেশ দিয়ে।

পৰীক্ষা কেন্দ্ৰসমূহত সতৰ্কতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নালাগে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে যাতায়ত, খোৱাপানী, আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধাসমূহৰ পৰ্যাপ্ত ব্যৱস্থা নিশ্চিত কৰিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে দেশৰ চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ৰাষ্ট্ৰীয় যোগ্যতা-সম-প্ৰৱেশ পৰীক্ষা-স্নাতক (NEET-UG) অনুষ্ঠিত কৰে। চলিত বৰ্ষৰ ৩ মে’ত অনুষ্ঠিত হৈছিল নীট-ইউজি ২০২৬ (NEET-UG 2026) পৰীক্ষা। পৰীক্ষাত হোৱা কথিত অনিয়ম আৰু তদন্তকাৰী সংস্থাসমূহৰ পৰা পোৱা তথ্যৰ ভিত্তিত এনটিএই পৰীক্ষা বাতিল কৰি ২১ জুনত পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে।এয়া হ’ব অফলাইন পৰীক্ষা, ২২ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে হাজিৰ হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত ১৫ মিনিট সময় দিয়া হ’ব। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ বিস্তৃত তদন্ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক অৰ্পণ কৰিছে।

সংস্থাটোৱে জনোৱা মতে, পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা, ন্যায়পৰায়ণতা, আৰু ছাত্ৰ-ছাত্ৰীৰ আস্থা বজাই ৰাখিবলৈ পৰীক্ষা বাতিল আৰু পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত লোৱা হৈছে। এনটিএই স্পষ্ট কৰি দিয়ে যে ২০২৬ চনৰ মে’ মাহৰ চক্ৰৰ বাবে পঞ্জীয়ন কৰা পৰীক্ষাৰ্থীৰ তথ্য, প্ৰাৰ্থীৰ অৱস্থা, আৰু নিৰ্বাচিত পৰীক্ষা কেন্দ্ৰ আগন্তুক পুনৰ পৰীক্ষাৰ বাবে বৈধ হৈ থাকিব। পুনৰ পঞ্জীয়নৰ প্ৰয়োজন নহ’ব, আৰু কোনো অতিৰিক্ত পৰীক্ষাৰ মাচুল লোৱা নহ’ব।

সংস্থাটোৱে জনোৱা মতে, ইতিমধ্যে ছাত্ৰ-ছাত্ৰীয়ে জমা কৰা পৰীক্ষাৰ মাচুল ঘূৰাই দিয়া হ’ব আৰু পুনৰ পৰীক্ষা এনটিএই নিজৰ আভ্যন্তৰীণ সম্পদৰ জৰিয়তে অনুষ্ঠিত কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande