মৰক্কোত বিশ্ব এনাচথেচিয়া সন্মিলনত চাৰিহাজাৰ চিকিৎসকৰ মাজত জিলিকিল তেজপুৰৰ বিশিষ্ট এনাচথেচিয়া বিশেষজ্ঞ ডাঃ অৰ্চনা ডেকা
–অধিক কামিহাড় ভাঙি প্ৰচণ্ড বিষত থকা ৰোগীক স্হানীয় প্ৰক্ৰিয়াৰে সংজ্ঞাহাৰক ঔষধ প্ৰদান কৰি তাৎক্ষণিকভাৱে বিষ উপশম ঘটোৱা পদ্ধতিৰ ওপৰত প্ৰস্তুত কৰা গৱেষণা পত্ৰেৰে অসমলৈ সুনাম শোণিতপুৰ, ১৯ মে’ (হি.স.)। তেজপুৰৰ বিশিষ্ট এনাচথেচিয়া বিশেষজ্ঞ ডাঃ অৰ্চনা ডেক
Dr. Archana Deka, a prominent anesthesiologist from Tezpur, shone among 4,000 doctors at the World Anesthesia Conference held in Morocco


–অধিক কামিহাড় ভাঙি প্ৰচণ্ড বিষত থকা ৰোগীক স্হানীয় প্ৰক্ৰিয়াৰে সংজ্ঞাহাৰক ঔষধ প্ৰদান কৰি তাৎক্ষণিকভাৱে বিষ উপশম ঘটোৱা পদ্ধতিৰ ওপৰত প্ৰস্তুত কৰা গৱেষণা পত্ৰেৰে অসমলৈ সুনাম

শোণিতপুৰ, ১৯ মে’ (হি.স.)। তেজপুৰৰ বিশিষ্ট এনাচথেচিয়া বিশেষজ্ঞ ডাঃ অৰ্চনা ডেকাই মৰক্কোৰ মাৰাকেশ্ব চহৰত অনুষ্ঠিত ঊনবিংশতিতম বিশ্ব এনাচথেচিয়া সন্মিলনত এখন গৱেষণা-পত্ৰ প্ৰস্তুত কৰি সুনাম কঢ়িয়াই আনিছে। বিশ্বৰ ১৩২ খন দেশৰ প্ৰায় চাৰি হাজাৰ এনাচথেচিয়া বিশেষজ্ঞই অংশ গ্ৰহণ কৰা উক্ত সন্মিলনত ডাঃ ডেকাই দুই বা তাতোধিক কামিহাড় ভাঙি অত্যন্ত বিষত থকা ৰোগীক স্থানীয় প্ৰক্ৰিয়াৰে সংজ্ঞাহাৰক ঔষধ প্ৰদান কৰি তাৎক্ষণিক ভাৱে আৰু দীঘলীয়াকৈ বিষৰ উপশম ঘটোৱা এক পদ্ধতিৰ ওপৰত তেখেতৰ অভিজ্ঞতা ব্যক্ত কৰে।

উল্লেখ্য যে ,অলপতে অনুষ্ঠিত এই বিশ্ব সন্মিলনৰ লগতে ইয়াৰ পূৰ্বেও ৰাজ্যিক -ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় এনাচথেচিয়া সন্মিলনত অংশ কৰি কৃতিত্ব প্ৰদৰ্শনৰ উপৰি বিভিন্ন ৰাজ্যিক ,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা আদিত সমল ব্যক্তি হিচাপে জড়িত হৈ অহা ডাঃ অৰ্চনা ডেকা তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ অসম ৰাজ্যিকৰ প্ৰাক্তন সভাপতি ডা০ সত্যজিৎ বৰাৰ সহধৰ্মিনী আৰু তেজপুৰৰ টাইম্চ হস্পিটালত এনাচথেচিয়া বিভাগত এগৰাকী জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসক হিচাবে কৰ্মৰত।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande