
কামৰূপ, ১৯ মে’(হি.স.)। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ডিজিপে’ সখীসকলৰ মাজত লেপটপ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(ASRLM)-ৰ জিলা প্ৰকল্প বিষয়া সুমিত প্ৰসাদ দাস আৰু জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত মুঠ ৭১ গৰাকী ডিজিপে’ সখীক লেপটপ বিতৰণ কৰা হয়।
লেপটপ বিতৰণ অনুষ্ঠানত বক্তব্য ৰাখি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে স্মাৰ্টফোন আৰু ডিজিটেল প্ৰযুক্তিৰ যুগত সমগ্ৰ দেশৰ লগতে অসমতো ডিজিটেল লেনদেন ব্যৱস্থা দ্রুতগতিত বৃদ্ধি পাইছে। অনলাইন পেমেণ্ট আৰু মোবাইলভিত্তিক লেনদেন বৰ্তমান সময়ত এক সাধাৰণ প্ৰচলন হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে। এনে পৰিপ্ৰেক্ষিতত গ্ৰাম্য পৰ্যায়ত ডিজিপে’ সখীসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ কয়।
তেওঁ লগতে কয় যে এই লেপটপসমূহে ডিজিটেল লেনদেন অধিক সহজ আৰু দ্ৰুত কৰি তুলিব আৰু গ্ৰামাঞ্চলত নগদবিহীন লেনদেন ব্যৱস্থা অধিক জনপ্ৰিয় কৰি তোলাত সহায় কৰিব। নগদবিহীন লেনদেনে বিশেষকৈ মহিলাসকলক অধিক স্বাৱলম্বী কৰি তোলাৰ লগতে মধ্যস্থতাকাৰীৰ হস্তক্ষেপ নোহোৱাকৈ পোনপটীয়া লেনদেন নিশ্চিত কৰে বুলিও জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে ডিজিপে’ সখী হৈছে দীনদয়াল অন্ত্যোদয়া যোজনা – ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত ৰূপায়িত এক গুৰুত্বপূৰ্ণ আৰ্থিক অন্তৰ্ভুক্তিকৰণমূলক পদক্ষেপ। এই আঁচনিৰ জৰিয়তে আত্ম সহায়ক গোটৰ মহিলা সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামাঞ্চলত ডিজিটেল বেংকিং আৰু আৰ্থিক সেৱা প্ৰদানৰ বাবে সক্ষম কৰি তোলা হয়।
ডিজিপে’ সখী বা বি চি সখী হিচাপে পৰিচিত এই মহিলাসকলে সমাজভিত্তিক বেংকিং প্ৰতিনিধি হিচাপে কাম কৰি গ্ৰামাঞ্চলৰ লোকসকলক ঘৰতে বেংকিং সেৱা লাভ কৰাত সহায় আগবঢ়াই আহিছে।
লেপটপ লাভ কৰাৰ পিছত ডিজিপে’ সখীসকলে আনন্দ প্ৰকাশ কৰি কয় যে এই ডিভাইচসমূহে তেওঁলোকক অধিক দক্ষতাৰে কাম কৰাত সহায় কৰাৰ লগতে লক্ষ্য পূৰণত অধিক ফলপ্ৰসূ ভূমিকা পালন কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী