
বাক্সা, ১৯ মে’ (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰত উৰনীয়া সেতু নিৰ্মাণৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত যোৱা কালি বিয়লি গোৰেশ্বৰ চাৰিআলিত উৰণীয়া সেতু নিৰ্মাণৰ নক্সা সন্দৰ্ভত মতবিনিময় কৰে বিধায়ক ভিক্টৰ কুমাৰ দাসে।দলীয় সতীৰ্থ আৰু ৰাইজৰ সৈতে উৰণীয়া সেতুৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নক্সা সন্দৰ্ভত মত বিনিময় কৰে তেওঁ।
উৰণীয়া সেতু নিৰ্মাণ হ’বলগীয়া স্থান পৰিদৰ্শনৰ কৰি বিধায়ক গৰাকীয়ে কয়-মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি বাস্তৱায়নৰ বাবে চৰকাৰে সঠিক দিশত কাম আৰম্ভ কৰিছে। লগতে কয় যে উন্নয়নৰ ধাৰা অব্যাহত ৰাখি গোৰেশ্বৰ অঞ্চলৰ যান-জঁট সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে এই উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব । ইফালে, উৰণীয়া সেতুৰ কাম আৰম্ভ হোৱাৰ খবৰ লাভ কৰি অঞ্চলবাসীয়েও আনন্দ প্ৰকাশ কৰিছে । বহুদিন ধৰি যান-জঁট আৰু যাতায়াত সমস্যাত ভোগা গোৰেশ্বৰবাসীয়ে এই প্ৰকল্প সম্পূৰ্ণ হ’লে যথেষ্ট সকাহ পাব বুলি আশা প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ