
ইতিহাসত ২০ মে’ৰ দিনটো বহু উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ আহিছে যদিও ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত ইয়াৰ বিশেষ তাৎপৰ্য আছে। ১৯৩২ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা সংগ্ৰামী তথা উগ্ৰ জাতীয়তাবাদী নেতা বিপিন চন্দ্ৰ পালৰ দেহাৱসান ঘটে। তেওঁক ভাৰতৰ উগ্ৰ জাতীয়তাবাদ আৰু বিপ্লৱী মতাদৰ্শৰ অন্যতম প্ৰধান প্ৰেৰণা হিচাপে গণ্য কৰা হয়।
বিখ্যাত ৰাষ্ট্ৰীয়তাবাদী ত্ৰিমূৰ্তি লাল-বাল-পালৰ মূল সদস্য আছিল বিপিন চন্দ্ৰ পাল। এই গোটত আছিল লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। এই নেতাসকলে ভাৰতীয় স্বাধীনতা আন্দোলনক এক নতুন দিশ দি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনজাগৰণৰ ব্যাপক অভিযান আৰম্ভ কৰে।
সেই সময়ত ভাৰতীয় জাতীয় আন্দোলনত দুটা ধাৰা বিশিষ্ট আছিল। এটা পক্ষই সাংবিধানিক সংস্কাৰ আৰু শান্তিপূৰ্ণ উপায়েৰে স্বাধীনতা লাভৰ পোষকতা কৰিছিল, আনহাতে আনটো পক্ষই অধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মক কৌশলৰ পক্ষপাতী আছিল। বিপিন চন্দ্ৰ পালৰ মতে কেৱল ৰাজনৈতিক আবেদনৰ জৰিয়তে স্বাধীনতা লাভ কৰাটো সম্ভৱ নহয় আৰু জনসাধাৰণৰ মাজত জাতীয় চেতনা আৰু আত্মনিৰ্ভৰশীলতাৰ ভাৱ জাগ্ৰত কৰাটো প্ৰয়োজনীয়।
স্বদেশী আন্দোলন, বিদেশী সামগ্ৰী বৰ্জন, জাতীয় শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এজন প্ৰভাৱশালী বক্তা, সাহিত্যিক, সাংবাদিক হিচাপে তেখেতৰ লেখা আৰু ভাষণৰ জৰিয়তে জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ মনোভাৱ সবল কৰি তুলিছিল ।
ভাৰতীয় স্বাধীনতা সংগ্ৰামত বিপিন চন্দ্ৰ পালৰ অৱদান কেৱল ৰাজনৈতিক নেতৃত্বতে সীমাবদ্ধ নাছিল; তেওঁ আন্দোলনক মতাদৰ্শগতভাৱেও শক্তিশালী কৰি তুলিছিল। আজিও স্বাধীনতা সংগ্ৰামক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নেতাসকলৰ মাজত তেওঁক স্মৰণ কৰা হয়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৪৯৮ – ভাস্কো দা গামা ভাৰতত উপস্থিত হয়।
১৬০৯ – উইলিয়াম শ্বেক্সপীয়েৰৰ প্ৰথম কবিতা সংকলন ছনেট প্ৰকাশ পায়।
১৮৭৩ - লেভিৰ জিন্সৰ জন্ম হয়, যিয়ে কাপোৰৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে।
১৮৭৫ – মেট্ৰিক ব্যৱস্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে।
১৯২৭ – প্ৰথম একক আটলাণ্টিক পাৰাপাৰ বিমান যাত্ৰা আৰম্ভ হয়।
১৯৯৫ - ৰাছিয়াই মানৱবিহীন মহাকাশযান স্পেক্ট (Spektr) সফলতাৰে উৎক্ষেপণ কৰে।
১৯৯৯ – কুৰ্দি বিদ্ৰোহী নেতা চেমডিম ছাকিকক মৃত্যুদণ্ড দিয়া হয়।
২০০০ – ফিজিত বন্দুকধাৰী নেতা জৰ্জ স্পেটে দেশখনৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
২০০১ – আফগানিস্তানত তালিবানে হিন্দুসকলক পৃথক কৰাৰ বাবে সাজ-পোছাক সংহিতা স্থাপন কৰে।
২০০৩ – পাকিস্তানে উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদিনক নিষিদ্ধ কৰে।
২০০৪ – টাইৱানত নৱগঠিত চৰকাৰখনে শপত গ্ৰহণ কৰে। ইউৰোপীয় সংঘৰ পিছত আমেৰিকাই কৃষি ৰপ্তানিৰ ৰাজসাহায্য হ্ৰাস কৰাৰ কথাও ঘোষণা কৰে।
২০০৬ – চীনে টাইৱানক বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদৰ বাবে অযোগ্য ঘোষণা কৰে।
২০১১ – প্ৰধানমন্ত্ৰী মনমোহন সিঙে মধ্যপ্ৰদেশৰ বিনাত বহু কোটি টকীয়া তেল শোধনাগাৰ উচৰ্গা কৰে। ভাৰত পেট্ৰলিয়াম লিমিটেড, ওমান অইল কোম্পানী আৰু মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰচেষ্টাত নিৰ্মিত এই এক বিশ্বমানৰ প্ৰকল্প।
২০১১ - ঝাৰখণ্ডৰ পৰ্বতাৰোহী প্ৰেমলতা আগৰৱালে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলা হিচাপে পৰ্বতাৰোহণৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰে।
জন্ম
১৯০০ - আজিৰ দিনটোতে সুমিত্ৰানন্দন পন্ত - বিখ্যাত হিন্দী কবি।
১৯১৮ - আজিৰ দিনটোতে পীৰু সিং - ভাৰতীয় সেনাৰ অন্যতম সাহসী অমৰ শ্বহীদ।
১৯২৬ - গোডে মুৰ্হাৰী - ষষ্ঠ লোকসভাত লোকসভাৰ উপ অধ্যক্ষ।
১৯৪১ - গহ চক টং - ছিংগাপুৰৰ দ্বিতীয় প্ৰধানমন্ত্ৰী।
১৯৭৭ - অঞ্জুম চোপ্ৰা - ভাৰতীয় মহিলা জাতীয় ক্ৰিকেট দলৰ সদস্য তথা প্ৰাক্তন অধিনায়ক।
মৃত্যু
১৭৬৬ - আজিৰ দিনটোতে মালহাৰাও হোলকাৰ - ইন্দোৰৰ হোলকাৰ বংশৰ প্ৰতিষ্ঠাপক।
১৯২৯ - আজিৰ দিনটোতে ৰাজকুমাৰ শুক্লা - স্বাধীনতা সংগ্ৰামী আৰু চম্পাৰণ সত্যগ্ৰহৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি।
১৯৩২ – ভাৰতত বিপিন চন্দ্ৰ পাল – ‘বিপ্লৱী চিন্তাৰ পিতৃ’।
১৯৫৭ – টি প্ৰকাশম, প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী।
১৯৭২ – গয়া প্ৰসাদ শুক্লা ‘সনেহী’, প্ৰখ্যাত ব্ৰজ ভাষা কবি।
১৯৯৪ – কছু ব্ৰহ্মানন্দ ৰেড্ডী – অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
২০১২ – লীলা ডুবে – বিখ্যাত নৃতত্ত্ববিদ আৰু নাৰীবাদী পণ্ডিত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া