হাৰিয়ানা আৰু অৰুণাচল প্ৰদেশত কংগ্ৰেছৰ সাংগঠনিক নিযুক্তি
নতুন দিল্লী, ১৯ মে’ (হি.স.)। হাৰিয়ানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অন্যান্য পিছপৰা শ্ৰেণী (অবিচি) বিভাগৰ ৰাজ্যিক সভাপতি হিচাপে চন্দ্ৰ প্ৰকাশক আৰু অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ জনজাতি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে অধিবক্তা তামি পাংগুক নিযুক্তি দিয়া হৈছে
कांग्रेस


নতুন দিল্লী, ১৯ মে’ (হি.স.)। হাৰিয়ানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অন্যান্য পিছপৰা শ্ৰেণী (অবিচি) বিভাগৰ ৰাজ্যিক সভাপতি হিচাপে চন্দ্ৰ প্ৰকাশক আৰু অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ জনজাতি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে অধিবক্তা তামি পাংগুক নিযুক্তি দিয়া হৈছে।

মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে জাৰি কৰা পৃথক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰদান কৰিছে। দুয়োগৰাকী নেতাৰ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে কংগ্ৰেছ সভাপতিয়ে। দুয়োটা নিযুক্তি তৎক্ষণাত কাৰ্যকৰী হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande