
ওদালগুৰি, ১৯ মে’ (হি.স.): বিজেপি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত জিলাৰ নৱ নিৰ্বাচিত চাৰি বিধায়কক যোৱা কালি সোমবাৰে বিয়লি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া । ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰাঙ্গণত ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত জিলা খনৰ এনডিএৰ নৱ নিৰ্বাচিত বিধায়ক চৰণ বড়ো, ৰিহণ দৈমাৰী, বিকন চন্দ্ৰ ডেকা আৰু মহেশ্বৰ বড়োক জিলা বিজেপিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক জৌশ্ৰাং বড়োৱে আঁত ধৰা সভাত আদৰণি ভাষণ আগবঢ়ায় ওদালগুৰি জিলা বিজেপিৰ সভাপতি অজয় কুমাৰ হাজৰিকাই।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি দিলীপ শইকীয়াই কয়, ওদালগুৰিত বিকশিত জিলা হিচাপে গঢ়ি তোলাৰ বাবে আমি সংকল্প লৈছোঁ । হাগ্ৰামা মহিলাৰীৰ চৰণ বড়ো ৰিহণ দৈমাৰীয়ে বিটিচিৰ বাবে যি চিন্তা কৰিব সেই চিন্তাত আমি এনডিএ হিচাপে সহয়োগ আগবঢ়াম।নগাঁও উপ নিৰ্বাচন নিৰ্বাচন আয়োগে থিক কৰিব তথাপিও আমি জিকাৰ বাবে পিয়ূজ হাজৰিকাৰ নেতৃত্বত ১২ জনীয়া সমিতি গঠন কৰিছোঁ । বিৰোধী দলপতি সন্দৰ্ভত তেওঁ কয় এতিয়া কংগ্ৰেছ দলটোৰ সংখ্যা নাই। আৰু খিলঞ্জীয়া মানুহে কংগ্ৰেছ দলক বৰ্জন কৰিছে। ভোট বিভাজন হোৱাৰ বাবে শিৱসাগৰ আৰু নাওবৈচা আমি হাৰিলোঁ । এইবাৰ খিলঞ্জীয়া মানুহে এনডিএক হৃদয়ৰ পৰা মুৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছে । দিলীপ শইকীয়াই কয় যে কংগ্ৰেছ দলে দলৰ নাম সলনি কৰি লোৱাটো ভাল কাৰণ তেওঁ লোকৰ ভোট বেংকত বেলেগে দখল কৰিব । কংগ্ৰেছ দল এতিয়া এপিচিচি (এম) হৈ পৰিছে । উক্ত সম্বৰ্ধনা সভাত দিলীপ কুমাৰ শইকীয়াৰ উপৰিও ওদালগুৰি জিলাৰ এনডিএ তিনি গৰাকী বিধায়ক, বিটিচি পৰিষদীয় ফ্ৰেছ মুছাহাৰী, ওদালগুৰি জিলা বিজেপিৰ সভাপতি তথা মনোনীত পাৰিষদ অজয় কুমাৰ হাজৰিকা, পাৰিষদ দিগন্ত বৰুৱা জিলাৰ সাধাৰণ সম্পাদক জৌশ্ৰাং বড়োৰ লগতে কেবাটাও মণ্ডল সভাপতি সম্পাদকে ধৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ