বৰ্হিঃৰাজ্যত হত্যাৰ বলি অসমৰ যুৱকৰ মৃতদেহ স্ব গৃহত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিবেশ
পুনৰ বৰ্হিঃৰাজ্যত হত্যাৰ বলি অসমৰ যুৱকৰ!গৃহভূমিত মৃতদেহ উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিবেশ।
বৰ্হিঃৰাজ্যত হত্যাৰ বলি অসমৰ যুৱকৰ মৃতদেহ স্ব গৃহত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিবেশ


যোৰহাট, ১৯ মে’ (হি.স.): বৰ্হিঃৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি যোৱা অসমৰ যুৱক এজনৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছে । মৰিয়নিৰ লাহিং নৈ সিপৰীয়া গাঁৱৰ ৰিপন চুতীয়া নামৰ যুৱক জন যোৱা ১২ মে’ তাৰিখে মৰিয়নি ৰে'ল জংচনৰ পৰা বাংগালুৰুলৈ ৰাওনা হৈছিল। যুৱকজনে পৰিয়ালৰ সৈতে ম’বাইল যোগে শেষ বাৰৰ বাবে কথা পাতোতে বিপদত পৰা কথা ব্যক্ত কৰিছিল।

আনহাতে ১৪ মে’ পৰা ম’বাইলৰ চুইচ অফ হৈ পৰে ৰিপন চুতীয়াৰ । ইফালে ১৫ মে’ তাৰিখে তামিলনাডুৰ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ জোলাৰপেট্ৰাই ৰে’ল জংচনৰ সমীপত উদ্ধাৰ কৰি পৰিয়ালক অৱগত কৰে । ৰে’লত যাত্ৰা কৰি থকা যুৱকজনৰ আকস্মিক মৃত্যু পৰিয়ালটোৱে সহজ ভাৱে গ্ৰহণ নকৰা লগতে কোনো দুৰ্বৃত্তই ৰিপনক হত্যা কৰি পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে।

মন কৰিব লগীয়া যে যুৱক জনৰ শৰীৰ কেইবাঠাইতো আঘাটৰ চিন প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । যুৱক জনৰ মৃত্যুৰ এক উচিত তদন্ত কৰিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাইছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande