ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজনকৈ লোক গুৰুতৰভাৱে আহত
নগাঁও, ১৯ মে (হি.স.)। ধিঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় ১ বজাত ধিঙৰ ৰজাবাৰীত সংঘটিত হয় এই শোকাবহ ঘটনাটো। জানিব পৰা মতে, ডুমডুমীয়াৰ পৰা ধিং অভিমুখে তীব্ৰ বেগেৰে আহি থকা এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত বাগৰি প
ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজনকৈ লোক গুৰুতৰভাৱে আহত


নগাঁও, ১৯ মে (হি.স.)। ধিঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় ১ বজাত ধিঙৰ ৰজাবাৰীত সংঘটিত হয় এই শোকাবহ ঘটনাটো।

জানিব পৰা মতে, ডুমডুমীয়াৰ পৰা ধিং অভিমুখে তীব্ৰ বেগেৰে আহি থকা এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ ডি ডব্লিউ ৫৮৯০ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত বাহনখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয়। যদিও বৰ্তমানলৈকে আহত লোক দুজনৰ পৰিচয় সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande