
কোকৰাঝাৰ, ১৯ মে’ (হি.স.)। এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ যায় পৰ্বতঝোৰাৰ মহামায়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ। কৃত্ৰিম বানৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে যাতায়ত কৰা যান বাহনৰ লগতে স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী সকলোৱে ।
বৰষুণৰ পানী নিষ্কাষণৰ কোনো ব্যৱস্থা নথকাৰ বাবে বাৰিষা কালত নিতৌ ৰাষ্ট্রীয় ঘাইপথত এক আঁঠুলৈ পানী জমা হোৱা দেখিবলৈ পোৱা গৈছে। এই ঘটনাই সচেতন মহলক হতভম্ব কৰি তুলিছে । এই ক্ষেত্ৰত স্থানীয় সামাজিক সংস্থাই ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ গোলকগঞ্জ সংমণ্ডল কাৰ্যালয়ত লিখিত ভাবে অভিযোগ দিয়াৰ পিছতো কোনো সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
সেয়ে ৰাইজে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ কৰি দীৰ্ঘ দিনীয়া সমস্যাটো সমাধান বাবে আহ্বান জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু