পালঘৰ তিনিখন বাহনৰ সংঘৰ্ষত ১৩ জন লোক নিহত, ২৫ জন আহত
মুম্বাই, ১৮ মে’ (হি.স.)। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ ধনীৱাৰী গাঁৱৰ সমীপত সোমবাৰে বিয়লি প্ৰায় ৪ বজাত তিনিখন বাহনৰ সংঘৰ্ষত তেৰজন লোকৰ মৃত্যু হয়। এই ঘটনাত আহত ২৫ জন লোক কানছা মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কা
फोटो: पालघर में सडक़ हादसे के बाद राहत और बचाव कार्य जारी


মুম্বাই, ১৮ মে’ (হি.স.)। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ ধনীৱাৰী গাঁৱৰ সমীপত সোমবাৰে বিয়লি প্ৰায় ৪ বজাত তিনিখন বাহনৰ সংঘৰ্ষত তেৰজন লোকৰ মৃত্যু হয়। এই ঘটনাত আহত ২৫ জন লোক কানছা মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কানছা আৰক্ষী থানাৰ দলটোৱে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে উল্লেখ কৰে যে এই দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হৈছে। ফাড়নাভিছে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে মৃতকৰ নিকট আত্মীয়ক চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। পালঘৰ জিলা আৰক্ষী অধীক্ষক যতীশ দেশমুখে উল্লেখ কৰে যে ধনীৱাৰীত তিনিখন বাহনৰ দুৰ্ঘটনাত ১৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫জন গুৰুতৰভাৱে আহত হৈছে। আটাইকেইজনেই চিকিৎসাধীন হৈ আছে, আৰু কানছা আৰক্ষী থানাৰ দলটোৱে অধিক তদন্ত চম্ভালি আছে।

গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে আজি সন্ধিয়া পালঘৰৰ দহানুৰ পৰা ১০০ৰো অধিক লোকে এখন বিয়ালৈ যাত্ৰা কৰিছিল। ট্ৰাকখন ধনৱৰী অঞ্চল পোৱাৰ লগে লগে সন্মুখৰ পৰা আহি থকা এটা কণ্টেইনাৰ আৰু তাৰ পিছত আন এটা টেম্প’ৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ পিছতে ট্ৰাকখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে আৰু কৰুণভাৱে ট্ৰাকখনত থকা ১২জন লোকৰ মৃত্যু হয়। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে কানছা থানাৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে ২৫ জন লোকক কানছা জিলা উপ-চিকিৎসালয়ত ভৰ্তি কৰে, য’ত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে। মৃত আৰু আহতসকলৰ চিনাক্তকৰণ অব্যাহত আছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে সাংসদ হেমন্ত সাৱৰাই ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande