
শোণিতপুৰ, ১৮ মে’ (হি.স.)। তেজপুৰ মহাবিদ্যালয়ে আমেৰিকাৰ গ্লোৱেল ইন্টাৰফেইথ ইউনিভাৰচিটি (Global Interfaith University, USA) আৰু ইউক্ৰেইনৰ আলফ্ৰেড নোৱেল ইউনিভাৰ্চিটি (Alfred Nobel University, Ukraine) ৰ সহযোগিতাত ২০২৬ চনৰ ১১ মে’ৰ পৰা ১৫ মে’লৈ পাঁচদিনীয়া আন্তঃৰাষ্ট্ৰীয় যোগ কৰ্মশালা তেজপুৰ মহাবিদ্যালয়ৰ হেৰম্ব শর্মা ছেমিনাৰ হলত সফলভাবে সমাপ্তি ঘটে । এই কৰ্মশালাত আলফ্ৰেড নোৱেল ইউনিভাৰ্চিটৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে গ্লোৱেল ইন্টাৰফেইথ ইউনিভাৰচিটিৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী আৰু তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৱে সাংস্কৃতিক বিনিময় আৰু সামগ্ৰিক সুস্থতাৰ বাবে যোগৰ প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মঞ্চ হিচাপে পৰিগণিত হয়।
যোগ কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানটো সুসংগঠিতভাৱে আয়োজন কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ অনুৰাগ হাজৰিকা আৰু ডাঃ তৃষ্ণা ৰাণী ডেকাই। তেওঁলোকৰ যত্ন আৰু নেতৃত্বত অনুষ্ঠানটো সাফল্যমণ্ডিত হয়।যোগ অধিৱেশনসমূহ পৰিচালনা কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰশিক্ষক নমিতা লহকৰ আৰু হীৰা মণি কলিতাই। তেওঁলোকৰ অধিৱেশনত যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হয়।
পাঁচদিনীয়া এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে সক্ৰিয়ভাৱে অংশ লয় আৰু যোগৰ বৈজ্ঞানিক আৰু আধ্যাত্মিক দিশসমূহৰ বিষয়ে গভীৰ জ্ঞান আহৰণ কৰে। আজিৰ ব্যস্ত জীৱনত মানসিক শান্তি, চাপ নিয়ন্ত্ৰণ আৰু সমতোল জীৱনযাপনৰ বাবে যোগৰ গুৰুত্বো উল্লেখ কৰা হয়।
অনুষ্ঠানটোৰ অন্তত অংশগ্ৰহণকাৰীসকলে এই অভিজ্ঞতাৰ প্ৰশংসা কৰে আৰু বিশ্বৰ বিভিন্ন ঠাইৰ লোকৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। আয়োজকসকলে আগন্তুক দিনত এনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অব্যাহত ৰাখি শৈক্ষিক বিনিময় আৰু সাংস্কৃতিক সমন্বয় বঢ়োৱাৰ আশা ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ