
শিৱসাগৰ, ১৮ মে (হি.স.)। বিপদত পৰিছে এক নং চিন্তামণিগড়ৰ এটা পৰিয়াল। স্বামী গৃহৰ পৰা মোবাইল ঠিক কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছে এগৰাকী বিবাহিতা মহিলা।অৱশেষত কাষ চাপিল সাংবাদিকৰ।
৮ বছৰ পুৰ্ব্বে এক নং চিন্তামণিগড়ৰ বুজান আলি নামৰ ব্যক্তিজনৰ কন্যা নাজমা বেগম লিগিৰীপুখুৰী চাহবাগিছাৰ জুমা আলি নামৰ ব্যক্তিজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।পিছে যোৱা ১২ মেৰ পৰা বিবাহিতা মহিলা গৰাকী স্বামী গৃহৰ পৰা নিৰুদ্দেশ হৈ আছে।নিৰুদ্দেশৰ সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী আৰু পিতৃয়ে আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰিছে।কন্যাৰ নিৰুদ্দেশৰ পিছতেই এক নং চিন্তামণিগড়ৰ পিতৃগৃহত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।মহিলা গৰাকীৰ এগৰাকী পাঁচ বছৰীয়া কন্যা সন্তান আছে।কোনো সদাশয় ব্যক্তিয়ে যদি এই মহিলা গৰাকীক কৰবাত দেখা পায় তেনেহ'লে পৰিয়ালৰ ৯৬৭৮৭০৬৬৪৫ অথবা ৯১০১৮৫৬১৪৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু