জোনাইত একেটা পৰিয়ালৰে দুই ছাত্ৰীৰ নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্য
জোনাইত একেটা পৰিয়ালৰে দুই ছাত্ৰীৰ নিৰুদ্দেশ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ ।
জোনাইত একেটা পৰিয়ালৰে দুই ছাত্ৰীৰ নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্য


ধেমাজি, ১৮ মে’ (হি.স.): ধেমাজি জিলাৰ জোনাইৰ বেৰাচাপৰি অঞ্চলৰ তাৰি বস্তি গাঁৱৰ একেটা পৰিয়ালৰে দুই ভগ্নীয়ে যোৱা ১৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দিষ্ট দুই ছাত্ৰী সঞ্জয় সিঙৰ কন্যা ১৭ বছৰীয়া মমতা সিং আৰু ১৫ বছৰীয়া নিকিতা সিং বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, যোৱা ১৫ মে’ৰ দিনা দুই ছাত্ৰীয়ে নিজ গৃহৰ পৰা স্কুটীৰে বিদ্যালয়লৈ বুলি ওলাই গৈছিল। কিন্তু তেতিয়াৰে পৰা আজি পৰ্যন্ত ছাত্ৰী দুগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে ঘটনাৰ পিছতে ছাত্ৰী দুগৰাকীৰ পৰিয়ালে জোনাইৰ লগতে সীমান্ত বিভিন্ন অঞ্চলত বিচাৰি অভিযান চলাই আজি পৰ্যন্ত কোনো অনুসন্ধান লাভ নকৰাত হতাশাত ভুগিছে ছাত্ৰী দুগৰাকীৰ পৰিয়ালে।অৱশ্যে ঘটনাৰ দিনাই ছাত্ৰী দুগৰাকীয়ে ব্যৱহাৰ কৰা স্কুটিখন জোনাইৰ ৰুকচিনৰ এখন বেচৰকাৰী গাড়ী আস্থানৰ পৰা উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে । ইতিমধ্যে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত ছাত্ৰী দুগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে।যদিহে কোনো সদাশয় ব্যক্তিয়ে যদি যুৱতীদ্বয়ৰ বিষয়ে কোনো তথ্য বা সম্ভেদ লাভ কৰে, তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 9678886704/ 8133002963 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande