
নগাঁও, ১৮ মে (হি.স.)। চামগুৰিত বন্য হস্তীৰ তাণ্ডৱৰ সমান্তৰালকৈ চোৰৰ টিঘিলঘিলনি ক্ৰমাৎ অধিক বৃদ্ধি হৈ পৰিছে। নিতৌ চোৰে সংঘটিত কৈছে ইটোৰ পাছত সিটোকৈ চুৰি কাণ্ড। প্ৰতি নিশাই চোৰে চলাইছে ইখনৰ পিছত সিখন দোকানত চুৰি কাণ্ড।
নিশা বৰালি গাঁও নামঘৰৰ কাষতে থকা এগৰাকী বৃদ্ধ মহিলাৰ ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান।চোৰে নিলে প্ৰায় দহ হাজাৰ টকাৰ খাদ্য সামগ্ৰী।সন্ধ্যা পকৰি ঘুগুনী বিক্ৰী কৰি কোনোমতে চলি থকা পৰিয়াল টোক মাধমাৰ দি চোৰে নিলে সকলো সামগ্ৰী।চুৰি কাণ্ডত ব্যবহাৰ কৰা এডাল লোৰ সঁজুলি চুৰি কাণ্ড সংঘটিত কৰা দোকান খনৰ সমীপত এৰি থৈ যায় চোৰে।চামগুৰিত সঘনাই সংঘটিত হোৱা চুৰি কাণ্ডত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ভাবে খাটি খোৱা ৰাইজ।নিছা জাতীয় সামগ্ৰীৰ প্ৰয়ুভৰ বৃদ্ধি পোৱাৰ ফলতেই এই চুৰি কাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ