
যোৰহাট, ১৮ মে (হি.স.)। টীয়কত আদিবাসী ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে শতাধিক মেধা ছাত্ৰ-ছাত্ৰীক।
বিগত বছৰৰ দৰে এইবাৰো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়কৰ আদৰণী বিবাহ ভৱনত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাহ বাগিছা অঞ্চলৰ প্ৰায় শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আদিবাসী ছাত্ৰ সন্থাৰ টীয়ক অঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জিত চাহনী তাঁতীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য বাখ্যা প্ৰকাশ কৰে সম্পাদক পুতুকন ৰাজোৱাৰে।মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা এই সম্বৰ্ধনা অনুষ্ঠানত আপকু যোৰহাট জিলাৰ সম্পাদক সাৰংগপাণি শইকীয়া,সাংগঠনিক সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা, যুৱ সাংবাদিক স্মৃতি প্ৰিয়া লাহন, আছাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক নিতুল কুৰ্মী,কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক বিতুল কুৰ্মী , টীয়ক আঞ্চলিক সমিতিৰ উপদেষ্টা ৰাজেশ ৰবিদাসকে মুখ্য কৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ সহায়ক হোৱাকৈ বক্তব্য আগবঢ়ায়৷ ইপিনে অসমৰ চহকী চাহ উদ্যোগৰ সৈতে জড়িত এই সমস্যাৰে জৰ্জৰিত জনগোষ্ঠীৰটোৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ সমান্তৰালভাৱে ভৱিষ্যত দিনত সমাজৰ প্ৰতি অধিক দায়বদ্ধতাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত এই যি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি প্ৰশংসনীয় বুলি অভিহিত কৰি এনে পদক্ষেপে অনাগত দিনত দেশ তথা জাতিটোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু