অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় মহিলা হকী দল, যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ সুষম মিশ্ৰণ
নতুন দিল্লী, ১৮ মে’ (হি.স.)। হকী ইণ্ডিয়াই ২৬-৩০ মে’লৈ অষ্ট্ৰেলিয়াৰ পাৰ্থ ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা হকী দল ঘোষণা কৰিছে। এই ভ্ৰমণত ভাৰতীয় দলটোৱে চাৰিখন মেচৰ শৃংখলা খেলিব। এয়া ২৬, ২৭, ২৯, আৰু ৩০ মে’ত পাৰ্থ হকী ষ্টেডিয়ামত খেল অনুষ্ঠিত হ’ব। ১৫-২১ জ
भारतीय महिला हॉकी टीम


নতুন দিল্লী, ১৮ মে’ (হি.স.)। হকী ইণ্ডিয়াই ২৬-৩০ মে’লৈ অষ্ট্ৰেলিয়াৰ পাৰ্থ ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা হকী দল ঘোষণা কৰিছে। এই ভ্ৰমণত ভাৰতীয় দলটোৱে চাৰিখন মেচৰ শৃংখলা খেলিব। এয়া ২৬, ২৭, ২৯, আৰু ৩০ মে’ত পাৰ্থ হকী ষ্টেডিয়ামত খেল অনুষ্ঠিত হ’ব।

১৫-২১ জুনত অকলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ মহিলা নেশ্যনছ কাপ ২০২৫-২৬ৰ প্ৰস্তুতিৰ বাবে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। শেহতীয়াকৈ আৰ্জেণ্টিনাৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শনৰ পিছত ভাৰতীয় দলটোৱে এই ভ্ৰমণত নামিব, য’ত তেওঁলোকে চাৰিখন মেচৰ শৃংখলাৰ দুখন শৃংখলাত জয়লাভ কৰে। তেতিয়াৰ পৰাই দলটোৱে বেংগালুৰুস্থিত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ কেন্দ্ৰত কঠোৰ অনুশীলন কৰি আহিছে।

কমনৱেলথ গেমছ ২০২২ আৰু এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী ছালিমা টেটেক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত সবিতা, সুশীলা চানু পুখ্ৰাম্বম, লালৰেমচিয়ামী, আৰু নৱনীত কৌৰৰ দৰে অভিজ্ঞ খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে সোণম, হিনা বানো, লালথানটুয়াংগীৰ দৰে কনিষ্ঠ খেলুৱৈকো অন্তৰ্ভুক্ত কৰা হৈছে। ফৰৱাৰ্ড লাইনত দলৰ আক্ৰমণৰ নেতৃত্ব দিব নৱনীত কৌৰে। বলজিৎ কৌৰ, দীপিকা, অনু, ইশিকা, হিনা বানো, আৰু ৰুতুজা দাদসো পিছাল অন্তৰ্ভুক্ত। হিনা বানোকো প্ৰথমবাৰৰ বাবে ছিনিয়ৰ দলৰ বাবে নিৰ্বাচিত কৰা হৈছে।

সবিতা আৰু বিচু দেৱী খাৰিবামে দলৰ গ’লৰক্ষক কৰ্তব্যৰ নেতৃত্ব দিব। ডিফেন্সিভ লাইনত প্ৰথমবাৰৰ বাবে ছিনিয়ৰ দলৰ বাবে নিৰ্বাচিত হৈছে নিকি প্ৰধান, ইশিকা চৌধুৰী, সুশীলা চানু পুখ্ৰাম্বম, লালথানটুয়াংগী, আৰু জ্যোতিৰ লগতে শিল্পী দাবাছ। লালথানটুৱাংগীকো প্ৰথমবাৰৰ বাবে ছিনিয়ৰ দলৰ বাবে নিৰ্বাচিত কৰা হৈছে। মিডফিল্ডত আছে অধিনায়ক ছালিমা টেটেৰ লগতে নেহা, লালৰেমচিয়ামি, সাক্ষী ৰানা, সুনেলিতা টপ্পো, দীপিকা ছ’ৰেং আৰু সোণম। সোণমে এতিয়াও ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাই।

দল নিৰ্বাচনৰ সন্দৰ্ভত মুখ্য প্ৰশিক্ষক শ্বোৰ্ডান মাৰিজেনে কয় যে, আমি এনে এটা দল নিৰ্বাচন কৰিছো য'ত অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ ভাল ভাৰসাম্য আছে। কিছুমান খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পাব। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ হেঁচা খেলুৱৈৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু এই ভ্ৰমণ তেওঁলোকৰ বাবে নিজকে প্ৰমাণ কৰাৰ এক সুন্দৰ সুযোগ হ'ব। তেওঁ লগতে কয়, এই ভ্ৰমণ আগন্তুক নেচনছ কাপৰ প্ৰস্তুতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। মই বিচাৰো যে দলটোৱে আৰ্জেণ্টিনা ভ্ৰমণৰ শেষৰ দুখন মেচত আমি দেখুওৱা প্ৰদৰ্শনৰ প্ৰতিলিপি কৰক আৰু আমাৰ খেলত ধাৰাবাহিকতা আনিব।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা হকী দল:

গ’লৰক্ষক : সবিতা, বিচু দেৱী খাৰিবাম

ডিফেণ্ডাৰ : নিকি প্ৰধান, ইশিকা চৌধুৰী, সুশিলা চানু পুখ্ৰাম্বম, লালথানথলুৱাংগী, জ্যোতি, শিল্পী দবাছ

মিডফিল্ডাৰ : ছালিমা টেটে, লালৰেমচিয়ামি, নেহা, সাক্ষী ৰানা, সুনেলিতা টপ্পো, দীপিকা ছ’ৰেং, সোণম

ফৰৱাৰ্ড : নৱনীত কৌৰ, বলজিৎ কৌৰ, দীপিকা, অনু, ইশিকা, হিনা বানো, ৰুতুজা দাদসো পিছাল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande