
শোণিতপুৰ,১৮ মে' (হি.স.)। গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চচিয়েল চায়েন্সত ত উজ্জ্বলিল তেজপুৰৰ মেধাবী ছাত্ৰী শৰ্মিষ্ঠা ওজা৷ কালি শিক্ষানুষ্ঠানখনত আয়োজিত সমাৱৰ্তনত শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা (Best Student Award) সন্মান প্ৰদান কৰা হয় শৰ্মিষ্ঠাক৷
উল্লেখ্য যে সামূহিক সংগঠন আৰু উন্নয়ন (Community organization and Development) শিতানত ২০২৩-২০২৫ বৰ্ষৰ বাবে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে শ্ৰেষ্ঠতাৰ সন্মান লাভ কৰা শৰ্মিষ্ঠা তেজপুৰৰ দা-ধৰা বামুণচুবুৰী নিবাসী মোহন ওজা আৰু মিনতি বৰাৰ দ্বিতীয় কন্যা । সৰুৰে পৰা মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱা শৰ্মিষ্ঠাই কেন্দ্ৰীয় বিদ্যালয় -২ ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত ৯২ শতাংশ নম্বৰেৰে কৃতিত্বৰ পৰিচয় দিয়াৰ পিছত আৰ্মি পাব্লিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থানেৰে ৯৮ .২ শতাংশ ফলৰ লগতে নতুন দিল্লীৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান লেডী শ্ৰীৰাম কলেজৰ পৰা ইতিহাস বিষয়ত প্ৰথম শ্ৰেণীৰ ৭৪ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এই কৃতিত্ব প্ৰদৰ্শন কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ