শুৱালকুছিত চোৰৰ চাফাই অভিযান
কামৰূপ, ১৮ মে (হি.স.)। শুৱালকুছিত নিশা চোৰৰ চাফাই অভিযান। শুৱালকুছি হাটীসত্ৰৰ নিৰ্মলা দাসৰ ঘৰৰ পৰা আলমাৰী খুলি চোৰে লুটি নিলে ৩০ লক্ষ্যাধিক মূল্যৰ সোণৰ অলংকাৰ।কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু বোৱাৰী থাকে গুৱাহাটীত । আদহীয়া মহিলাগৰাকী অকলে থকাৰ সুযোগ গ্ৰ
শুৱালকুছিত চোৰৰ চাফাই অভিযান


কামৰূপ, ১৮ মে (হি.স.)। শুৱালকুছিত নিশা চোৰৰ চাফাই অভিযান। শুৱালকুছি হাটীসত্ৰৰ নিৰ্মলা দাসৰ ঘৰৰ পৰা আলমাৰী খুলি চোৰে লুটি নিলে ৩০ লক্ষ্যাধিক মূল্যৰ সোণৰ অলংকাৰ।কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু বোৱাৰী থাকে গুৱাহাটীত ।

আদহীয়া মহিলাগৰাকী অকলে থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে এই অভিযান ।গুৱাহাটীত চোৰৰ ভয়ত বোৱাৰীৰ অলংকাৰো সমূহো শুৱালকুছিত সুৰক্ষিত অনুভৱ কৰি মাতৃৰ ওচৰত ৰাখি থৈছিল ।পিছে শুৱালকুছিতো চোৰৰ চকু পৰিল অলংকাৰত ।চোৰে আলমাৰি খুলি ৪ ডাল সোণৰ নকলেচ,৪ টা সোণৰ আঙঠি,২ যোৰ কানফুলি লৈ উধাও হয় ।চুৰি হোৱা অলংকাৰখনি ওজন প্ৰায় ১৫০ গ্ৰাম আৰু বৰ্তমান বজাৰ মূল্য ৩০ লাখ টকা ।ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে ।পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰাম্ভ কৰিছে তদন্ত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande