শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড
শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড ।
শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড


শিৱসাগৰ, ১৮ মে’ (হি.স.): শিৱসাগৰ নগৰত যোৱা কালি দেওবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা । চোৰে লুটিলে প্ৰায় ৪ লাখ ৫০ হাজাৰৰ অধিক ধনৰ লগতে আ-অলংকাৰ। শিৱসাগৰ চহৰৰ মাজমজিয়া দৰবাৰ ৰোড ৱাৰ্ড নং ৩ ত এই ভয়ংকৰ চুৰি কাণ্ড সংঘটিত হয় । চোৰৰ দলে লুটি লৈ গ'ল লক্ষাধিক পৰিমাণৰ সোণৰ গহণা - বৃহৎ পৰিমাণৰ নগদ ধন ৷

জানিব পৰামতে, ঘৰত মানুহ নথকা সুযোগ বুজি সংঘটিত কৰে এই কাণ্ড । বিয়াৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে গৈছিল দুয়োটা পৰিয়াল । শিৱসাগৰ দৰবাৰ ৰোডৰ নিবাসী আব্দুল কেৰিম আৰু আব্দুল ৰেকিবৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত হয় । শিৱসাগৰ সদৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগতেই সংঘটিত হৈছে এই ভয়ংকৰ চুৰি কাণ্ডৰ ঘটনা ৷ ঘৰৰ চাদ কাটি ঘৰত প্ৰৱেশ কৰে চোৰে । তাৰ পাছতে দুয়োটা ঘৰত একে সময়তে চুৰি কাণ্ড সংঘটিত কৰে চোৰে । আব্দুল ৰেকিব নামৰ ব্যক্তিজনৰ হাৰ্ডৱেৰ দোকানৰ পৰা প্ৰায় ৪ ৰ পৰা ৫ লাখ টকা চোৰে লুটি লৈ যায় বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে । বহু পৰিমাণৰ আ-অলংকাৰ লগতে নগদ ধন লৈ যায় চোৰে।পূৰ্বতেও অনুৰূপ চুৰি কাণ্ড সংঘটিত হৈছিল ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande