অভয়াপুৰীত নিৰ্মীয়মান গৃহত চুৰিকাণ্ড
অভয়াপুৰীত নিৰ্মীয়মান গৃহত চুৰিকাণ্ড।
অভয়াপুৰীত নিৰ্মীয়মান গৃহত চুৰিকাণ্ড


বঙাইগাঁও, ১৮ মে’ (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰীত এটি নিৰ্মীয়মান গৃহত চুৰিকাণ্ড সংঘটিত হয় । ম'ঠ মন্দিৰত চুৰ কৰাতেই ক্ষান্ত নাথাকি এই অভয়াপুৰীতএইবাৰ চোৰে লক্ষ্য কৰি ল’লে এজন শিক্ষকৰ নিৰ্মানাধীন বাসগৃহক। অভয়াপুৰীৰ নয়াপাৰা অঞ্চলৰ শিক্ষক ড৹ ছিৰখাত হুছেইনৰ নিৰ্মীয়মান গৃহত যোৱা কালি দেওবাৰে নিশাৰ আন্ধাৰত চোৰে চুৰি কাৰ্য সংঘটিত কৰে ।

গৃহ নিৰ্মাণৰ বাবে মজুত কৰি ৰখা বহু মূল্যবান সামগ্ৰী লুটি নিয়ে চোৰে । ইয়াৰ ভিতৰত আছিল বিদ্যুতৰ তাঁৰ, এলুমিনিয়ামৰ বিভিন্ন সা-সৰঞ্জাম, তলা আদি। চোৰে প্ৰায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লৈ উধাও হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । ঘৰটো নিৰ্মাণৰ অৱস্থাত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে সহজেই এই কাণ্ড সংঘটিত কৰে । ঘটনা পোহৰলৈ অহাৰ পিছতে গৃহস্থ ড৹ ছিৰখাত হুছেইনে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande