লখিমপুৰ-বহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৮ জন শ্ৰমিকৰ মৃত্যু
লখিমপুৰ খেৰী, ১৮ মে’ (হি.স.)। উত্তৰ প্ৰদেশৰ লখিমপুৰ-বহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথ ৭৩০ত সোমবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে ৮ জন লোকৰ মৃত্যু হয়। তীব্ৰবেগী ট্ৰাক এখনে যাত্ৰীবাহী ভ্যানৰ সৈতে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। নিহতসকলৰ ভিতৰত ৬ জন প
घटनास्थल पर मौजूद स्थानीय लोग


লখিমপুৰ খেৰী, ১৮ মে’ (হি.স.)। উত্তৰ প্ৰদেশৰ লখিমপুৰ-বহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথ ৭৩০ত সোমবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে ৮ জন লোকৰ মৃত্যু হয়। তীব্ৰবেগী ট্ৰাক এখনে যাত্ৰীবাহী ভ্যানৰ সৈতে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। নিহতসকলৰ ভিতৰত ৬ জন পুৰুষ আৰু দুগৰাকী মহিলাও আছে। লখিমপুৰত কাম কৰি বাহৰেইচ জিলাৰ নানপাৰালৈ ঘৰলৈ উভতি আহিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

পুৱা প্ৰায় ৮ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। গধুৰ আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াসকলে ততাতৈয়াকৈ চৰকাৰী এম্বুলেন্সত আহতসকলক খামৰীয়া চি এইচ চিলৈ লৈ যায়। ইয়াৰে ৮ জনক মৃত ঘোষণা কৰে চিকিৎসকে। গুৰুতৰভাৱে আহত দুজন লোক চিকিৎসাধীন হৈ আছে।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, সোমবাৰে পুৱা এখন যাত্ৰীবাহী মেজিক ভ্যান লখিমপুৰৰ পৰা ছিছিয়া অভিমুখে গৈ থকা অৱস্থাত বাহৰেইচৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে মেজিক ভ্যানখন ছিন্নভিন্ন হৈ পৰিছিল আৰু ব্যাপক আতংকৰ সৃষ্টি হৈছিল। স্থানীয় আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ পথচাৰীৰ পৰা পোৱা তথ্যৰ প্ৰতি সঁহাৰি জনাই স্থানীয় বাসিন্দাৰ সহায়ত ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে।

আৰক্ষীৰ মতে, মেজিক ভ্যানত থকা আটাইকেইজন যাত্ৰী শ্ৰমিক আছিল। লখিমপুৰত কাম শেষ কৰি জন্ম গাঁও নানপাৰা (বাহৰাইচ)লৈ উভতি আহিছিল। দুৰ্ঘটনাটোৰ পিছতে আটাইকেইজন আহত আৰু মৃতদেহ কমিউনিটি হেল্থ চেণ্টাৰ (চি এইচ চি) খামাৰিয়ালৈ অনা হয় আৰু চিকিৎসকে আঠজনক মৃত ঘোষণা কৰে। আনহাতে আহত দুজনৰ অৱস্থা সংকটজনক হৈ আছে আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী বিষয়াসকলে ক্ৰেন মাতি ঘাইপথৰ পৰা গাড়ীসমূহ আঁতৰাই যাতায়ত পুনৰুদ্ধাৰ কৰে। সম্প্ৰতি আৰক্ষীয়ে মৃতকৰ সামগ্ৰী আৰু মোবাইল ফোনৰ ভিত্তিত চিনাক্তকৰণৰ লগতে পৰিয়ালক অৱগত কৰাৰ বাবে কাম কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande