
কামৰূপ, ১৮ মে’ (হি.স.): গোভা দেওৰজা দীপসিং দেওৰজাৰ জ্যেষ্ঠ ভাতৃৰ মৃত্য়ুমুখত পৰিছে । জাগীৰোডত যোৱা কালি দেওবাৰ সন্ধিয়া এক পথ দুৰ্ঘটনাত মৃত্যু মুখত পৰে ৪২ বছৰীয়া নয়ন ডেকাৰজা ।
জানিব পৰামতে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এই অঘটন সংঘটিত হয়। তীব্ৰবেগী এএছ০১ এফজেড–২২৩৭ নম্বৰৰ ইন’ভা বাহন এখনৰ খুন্দাত মৃত্যু হয় লোকজনৰ । ঘটনাৰ লগে লগে দুৰ্ঘটনাত পতিত নয়ন ডেকাৰজাক জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াত উপস্থিত হয় ৰাজপৰিয়ালৰ লোকসকল । আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ