ৰাজ্যত অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি
দৰং, ১৮ মে (হি.স.)। ৰাজ্যত অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি। আন আন সামগ্ৰীৰ সমান্তৰালকৈ দাম বৃদ্ধি হৈছে পাওৰুটি বা ব্ৰেডৰো। ইতিমধ্যে গুৱাহাটী মহানগৰীত ব্ৰেডৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মঙ্গলদৈস্থিত ৰিপোজ বেকাৰীয়ে মঙ্গলদৈ চহৰত
ৰাজ্যত অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি


দৰং, ১৮ মে (হি.স.)। ৰাজ্যত অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি। আন আন সামগ্ৰীৰ সমান্তৰালকৈ দাম বৃদ্ধি হৈছে পাওৰুটি বা ব্ৰেডৰো। ইতিমধ্যে গুৱাহাটী মহানগৰীত ব্ৰেডৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মঙ্গলদৈস্থিত ৰিপোজ বেকাৰীয়ে মঙ্গলদৈ চহৰত দাম বৃদ্ধি কৰা নাই যদিও গুৱাহাটী লৈ প্ৰেৰণ কৰা প্ৰতিটো আকাৰৰ ব্ৰেডৰ মূল্য বৃদ্ধি কৰিছে বুলি মন্তব্য কৰে ৰিপোজৰ স্বতাধিকাৰী ৰাজীৱ ডেকাই।

ৰন্ধন গেছ আৰু তেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ব্ৰেডৰ মূল্যৰ ক্ষেত্ৰত। উল্লেখযোগ্য যে ৪০০ গ্ৰামৰ ব্ৰেড বৰ্তমান ৩৫০ গ্ৰাম কৰিছে বুলি মন্তব্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande