মৰণফাণ্ড হৈ পৰিছে মুকালমুৱা কাপলাবড়ী-চামতা সংযোগী পকী পথ
মুকালমুৱা কাপলাবড়ী-চামতা সংযোগী পকি পথ এতিয়া মৰণফাণ্ড।
মৰণফাণ্ড হৈ পৰিছে মুকালমুৱা কাপলাবড়ী-চামতা সংযোগী পকী পথ


নলবাৰী, ১৮ মে্ৰ (হি.স.): নলবাৰী জিলাৰ মুকালমুৱা কাপলাবড়ী-চামতা সংযোগী পকি পথ এতিয়া মৰণফাণ্ডত পৰিণত হৈ পৰিছে । পথৰ দুৰাৱস্থাৰ বাবে তিনিবছৰ ধৰি যমৰ যাতনাত ভুগি আহিছে পথচাৰীসকলে ।

দৈনিক প্ৰায় সহস্ৰাধিক যাতায়তকাৰি অহা যোৱা কৰে এই পথটোৰে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে এই পথটোৰে। পুৰ্বৰ বিধায়কে পথটোৰ কোনো গুৰত্ব নিদিয়াৰ অভিযোগ কৰে যাতায়তকাৰী সকলে যাৰ ফলত তিনিবছৰ ধৰি জৰাজীৰ্ণ হৈ আছে পথটো । বৰ্তমান বিধায়ক নাৰায়ন ডেকাক পথটো অতিশীঘ্ৰে মেৰামতি কৰি ছাত্ৰ ছাত্ৰীৰ লগতে যাতায়ত কাৰিসকলক অহা যোৱা কৰাৰ বাবে পথটো মেৰামতি কৰি দিয়াৰ আহ্বান জনায় । বিগত তিনি বছৰে মেৰামতিৰ অভাৱত মৰণফাণ্ডলৈ ৰূপান্তৰ হৈছে এই ব্যস্ত পথটো ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande