
লখিমপুৰ, ১৮ মে (হি.স.)। লখিমপুৰ বিধানসভা সমষ্টি-ঢকুৱাখানা বিধানসভা সমষ্টিৰ সীমান্তবৰ্তী ভীমপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কলি গাঁও-দৰগে সংযোগী পথৰ দুৰৱস্থা। এই সংযোগী পথৰ তিনি কিলোমিটাৰ দূৰত্বৰ বোকাময় ৰাস্তাই সাধাৰণ পথচাৰীক বছৰ বছৰ ধৰি যমৰ যাতনা ভোগাই আহিছে।
এই বোকাময় ৰাস্তায়েদি লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, গোগামুখ আহিবলৈ আপুনি এশবাৰ চিন্তা কৰিব লাগিব।ঠেলি ঠেলি যাব লাগে।স্থানীয় ৰাইজে মাছৰ পোনা মেলি দিছে।উল্লেখ্য যে এই বোকাময় জৰাজীৰ্ণ পথছোৱা অতি শীঘ্ৰে পকীকৰণ কৰি দিবলৈ স্থানীয় বিধায়কক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ