
নতুন দিল্লী, ১৮ মে’ (হি.স.)। সোমবাৰে অছল’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্ট’ৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত-নৰৱেৰ সম্পৰ্কক সেউজ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাত সন্মতি প্ৰকাশ কৰে। স্বচ্ছ শক্তি, সাগৰভিত্তিক অৰ্থনীতি, আৰু সেউজ ৰূপান্তৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দুয়োগৰাকী নেতাই ২০৩০ চনৰ ভিতৰত ভাৰত আৰু নৰৱেৰ মাজত বৰ্তমানৰ বাণিজ্যৰ মূল্য দুগুণ কৰাৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে।নৰ্ৱেইও ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপত যোগদান কৰিবলৈ সন্মত হয়।
আজি অছল’ত নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত আৰু নৰৱেৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতীক হিচাপে এক বিশেষ ইংগিতত আজি পুৱা অছলো বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী ষ্ট’ৰে তেওঁক উষ্ম আদৰণি জনায়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগকে ধৰি ভাৰত-নৰৱে সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰ, ভাৰত-ইএপিটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপা), জলবায়ু কাৰ্য্য আৰু শক্তি পৰিৱৰ্তন, নীলা অৰ্থনীতি আৰু সাগৰীয় শাসন, গৱেষণা আৰু উচ্চ শিক্ষা, আৰ্কটিক আৰু মেৰু সহযোগিতা, মহাকাশ, আৰু প্ৰতিভাৰ গতিশীলতাকে ধৰি সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰে।
অৰ্থনৈতিক আৰু বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে বুলি দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতত নৰৱেৰ উদ্যোগসমূহৰ অধিক বিনিয়োগক আদৰণি জনায়। দুয়োগৰাকী নেতাই ২০৩০ চনৰ ভিতৰত ভাৰত আৰু নৰৱেৰ মাজত বৰ্তমানৰ বাণিজ্যৰ মূল্য দুগুণ কৰাৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰি টেপাৰ অধীনত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে ব্যৱসায়িক প্ৰতিনিধিসকলক বিভিন্ন খণ্ডত গতিশীল মিত্ৰতাৰ দিশত কাম কৰিবলৈ উৎসাহিত কৰে আৰু ভাৰতত ১০ লাখ চাকৰিৰ সৃষ্টি কৰে।
দুয়োগৰাকী নেতাই নিজৰ নিজৰ দলক নীলা অৰ্থনীতিৰ ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰিবলৈ নিৰ্দেশ দিয়ে, য’ত আছে সাগৰীয় পৰিৱেশ তন্ত্ৰ সংৰক্ষণ, জাহাজ নিৰ্মাণ, সেউজ জাহাজ চলোৱা, টানেলিং আৰু আন্তঃগাঁথনি, মহাকাশ, এআই, ৰবটিক্স, চাইবাৰ সুৰক্ষা, নাৱিক প্ৰশিক্ষণ, মীনপালন, আৰু জলজ কৃষি।
তেওঁলোকে ইউএনচিএলঅ’এছৰ নীতিসমূহ পুনৰ দৃঢ়তাৰে কয় আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত নৰৱেৰ অংশগ্ৰহণক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ জুন মাহত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া ইনোভেটছ ২০২৬ত অংশগ্ৰহণৰ বাবে নৰৱেক আমন্ত্ৰণ জনায়।তেওঁ দুয়োখন দেশৰ মাজত ষ্টাৰ্ট-আপ ইনোভেচন হাব আৰু গ্ৰীণ ইনোভেচন হেকাথন স্থাপনৰ পৰামৰ্শও আগবঢ়ায়।
পৰিৱেশ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োগৰাকী নেতাই কাৰ্বন ধৰা, ব্যৱহাৰ, আৰু সংৰক্ষণ, আৰু সাগৰৰ পাৰৰ বতাহৰ দৰে নিৰ্দিষ্ট প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ আহ্বান জনায় আৰু ভাৰতত স্বচ্ছ শক্তি প্ৰকল্পত নৰৱেৰ অধিক বিনিয়োগৰ আহ্বান জনায়।
দুয়োগৰাকী নেতাই আৰ্কটিক অঞ্চলত মেৰু গৱেষণা আৰু লজিষ্টিক শক্তিশালী কৰাৰ বাবে সন্মত হয় আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ পদ্ধতিসমূহ পুনৰ দৃঢ় কৰে। তেওঁলোকে নবীকৰণযোগ্য শক্তি, সাগৰ, জলবায়ু, স্বাস্থ্য, জটিল খনিজ পদাৰ্থ, উদীয়মান প্ৰযুক্তি, আৰু আই টিকে ধৰি গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যৌথ কামত গুৰুত্ব আৰোপ কৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যৌথ ডিগ্ৰী কাৰ্যসূচী, অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি, আৰু ছাত্ৰ আৰু অধ্যাপকৰ আদান-প্ৰদানৰ বিষয়ে অন্বেষণ কৰিবলৈ সন্মত হয়।
বহুপক্ষীয় মঞ্চত সহযোগিতাৰ বিষয়েও আলোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ মূল আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰে। সংস্কাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে নৰৱেৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰে নৰৱেৰ প্ৰধানমন্ত্ৰীয়ে।
দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদক নিৰ্দ্বিধায় গৰিহণা দি এই ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ সমন্বিত বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
তেওঁলোকে প্ৰতিৰক্ষা সহযোগিতা আৰু প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্বৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে ডিজিটেল ৰাজহুৱা সামগ্ৰীৰ ক্ষেত্ৰত তৃতীয় এখন দেশৰ সৈতে সহযোগিতা অন্বেষণ কৰিবলৈ সন্মত হয় আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়সমূহক ডিজিটেলাইজেচনৰ ওপৰত যৌথ কৰ্মগোট গঠন কৰাৰ দায়িত্ব প্ৰদান কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ষ্ট’ৰে আৰু নৰৱেৰ জনসাধাৰণক উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী ষ্ট’ৰক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ এই গতি অক্ষুণ্ণ ৰাখিবলৈ দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া