লখিমপুৰ খেৰী পথ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ, ক্ষতিপূৰণৰ ঘোষণা
নতুন দিল্লী, ১৮ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হোৱা দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। দুৰ্ঘটনাটোত এখন ট্ৰাক আৰু এখন ভ্যান সংঘটিত হোৱাৰ ফলত ৮ জন লোকৰ মৃত্যু হয়
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ১৮ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হোৱা দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। দুৰ্ঘটনাটোত এখন ট্ৰাক আৰু এখন ভ্যান সংঘটিত হোৱাৰ ফলত ৮ জন লোকৰ মৃত্যু হয়।

প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে কয়, লখিমপুৰ খেৰিত সংঘটিত দুৰ্ঘটনাৰ কথা শুনি মই গভীৰভাৱে দুখী হৈছো। নিজৰ আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ সমবেদনা। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰক।

প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালিন সহায়তা দিয়াৰ কথাও ঘোষণা কৰে। দুৰ্ঘটনাটোত আহতসকলক ₹৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে সোমবাৰে পুৱা লখিমপুৰ-বহৰাইচ ঘাইপথত এখন তীব্ৰবেগী ট্ৰাক আৰু এখন ভ্যানৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই মৰ্মান্তিক দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হয়, আৰু আন দুজন গুৰুতৰভাৱে আহত হয়। আহত সকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande